নগাঁও জিলাৰ কঠীয়াতলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ নিৰ্দেশমৰ্মে দক্ষিণ ননৈ চক্ৰৰ সৌজন্যত প্ৰধান মন্ত্ৰী পোষাণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
বিগত সময় ছোৱাৰ দৰে এই বছৰো ছেপ্টেম্বৰ মাহটো পোষাণ মাহ হিচাপে পালন কৰাৰ লগতে ইয়াৰ লগত সংগতি ৰাখি মুখ্য সেৱিকা ৰূপা শৰ্মাৰ তত্ত্বাৱধানত দক্ষিণ ননৈ চক্ৰৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সহযোগত এখনি সজাগতা সভাও আয়োজন কৰে ।
সভাখনত 'পোষাণ' অৰ্থাৎ পুষ্টি, শিশুসকলৰ লগতে এজন ব্যক্তিৰ বাবে কিয় প্ৰয়োজন সেই বিষয়ত আলোচনা কৰা হয় ।
উল্লেখ্য যে পোষাণ অৰ্থাৎ পুষ্টি উপলক্ষে অনুষ্ঠিত সজাগতা সভাখনত সেৱিকা অনামী ভট্টাচাৰ্য, পৰিপুষ্টি কাউন্সেলৰ তৃষ্ণা শইকীয়া, এ এন এম তৰুলতা বৰাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
- Log in to post comments
- 12 views