ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰী সন্দৰ্ভত কেন্দ্ৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ মিথ্যাচাৰিতা অৱশেষত ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰাঁছোৱা অ'লাণ্ডেই উদঙাই দিলে ৷ শুকুৰবাৰে ফ্ৰান্সৰ এখন সংবাদপত্ৰত দিয়া এক সাক্ষাৎকাৰত অ'লাণ্ডেয়ে স্পষ্টভাৱে কয় যে ভাৰতৰ নৰেন্দ্ৰ মোডী চৰকাৰেই অনিল আম্বানীৰ ৰিলায়েন্স ডিফেন্স ইণ্ডাষ্ট্ৰিজৰ সৈ তেৰাফেল বিমান সন্দৰ্ভত চুক্তি কৰাৰ বাবে ফৰাচী চৰকাৰক খাটনি ধৰিছিল ৷
ফ্ৰান্সৰ কাকতখনক অ'লাণ্ডেয়ে কয়, 'ভাৰত চৰকাৰে আমাৰ ওপৰত ৰিলায়েন্সক জাপি দিছিল ৷ আমাৰ সন্মুখত আন কোনো বিকল্প নাছিল ৷' কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ভালেমান দিন ধৰি মোডী চৰকাৰৰ বিৰুদ্ধে এই অভিযোগেই উত্থাপন কৰি আহিছে ৷
প্ৰাক্তন ফৰাচী ৰাষ্ট্ৰপতিৰ এই বক্তব্যই ৰাহুল গান্ধীৰ সেই অভিযোগৰেই সত্যতা প্ৰমাণ কৰিলে ৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি অ'লাণ্ডৰ কাৰ্যকালতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত ফ্ৰান্সৰ 'ডছো' কোম্পানীৰ লগত অনিল আম্বানীৰ ৰিলায়েন্সৰ চুক্তি সম্পন্ন কৰোৱা হয় ৷
ফ্ৰান্সৰ কাকতখনক দিয়া সাক্ষাৎকাৰত অ'লাণ্ডে কয়, 'ভাৰত চৰকাৰে উক্ত (ৰিলায়েন্স) প্ৰতিষ্ঠানৰ নামৰ প্ৰস্তাৱ দিয়ে ৷ আম্বানীৰে বুজাবুজিৰ চুক্তি সম্পন্ন কৰে বিমান নিৰ্মাণ কোম্পানী 'ডছো'ৱে ৷
আমি কাকো পচন্দ কৰা নাছিলোঁ ' ইতিপূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰি আহিছে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে উদ্যোগ লৈ যুদ্ধ বিমান নিৰ্মাণ কৰাৰ কোনো অভিজ্ঞতা নথকা আৰু বিপুল ঋণত জৰ্জৰিত হৈ দেৱলীয়া হৈ পৰা অনিল আম্বানীৰ সংস্থাক ৰাফেল বিমান নিৰ্মাণৰ ঠিকা পোৱাৰ ব্যৱস্থা কৰি দিছে ৷
উল্লেখ্য যে ২০১৫ চনত নৰেন্দ্ৰ মোডীয়ে হঠাতেই ফ্ৰান্স ভ্ৰমণলৈ গৈ ইউ পি এ চৰকাৰৰ আমোলত স্বাক্ষৰিত ১২৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিখন বাতিল কৰি তিনিগুণ অধিক দামত ৩৬খন ৰাফেল বিমান ক্ৰয়ৰ নতুন চুক্তি স্বাক্ষৰ কৰে ৷
লগতে ভাৰতৰ হিন্দুস্তান এৰোনেটিক্স লিমিটেডক সম্পূৰ্ ণঅন্ধকাৰত ৰাখি ৰাফেল বিমান নিৰ্মাণৰ ঠিকা অনিল আম্বানীক পোৱাই দিয়াৰ ব্যৱস্থা কৰে ৷ পিছৰ বছৰত অৰ্থাৎ ২০১৬ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি অ'লাণ্ডৰ দিল্লী ভ্ৰমণৰ সময়ত আনুষ্ঠানিকভাৱে এই চুক্তি স্বাক্ষৰিত হয় ৷
কংগ্ৰেছে ইতিমধ্যে অভিযোগ কৰি কৈছে, পূৰ্বৰ চুক্তিক বাতিল কৰি তিনিগুণ অধিক দামত ৩৬খন ৰাফেল বিমান ক্ৰয়ৰ এই নতুন চুক্তিৰ ফলত ভাৰতৰ ৰাজকোষত কমেও ৪১,০০০ কোটি টকা লোকচান হৈছে ৷
আনহাতে, ৯০খন বিমান নিৰ্মাণৰ লাভৰ জৰিয়তে অনিল আম্বানীৰ সংস্থাই লাভ কৰিব কমেও ৩০,০০০ কোটি টকা ৷ কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলৰ নেতৃবৰ্গই প্ৰশ্ন তুলিছে, নৰেন্দ্ৰ মোডীয়ে খৰখেদাকৈ কিয় ১২৬খন বিমান ক্ৰয়ৰ চুক্তিখন বাতিল কৰি তিনিগুণ অধিক দামত ৩৬খন বিমান ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিলে ?
তদুপৰি, কি কাৰণত হিন্দুস্তান এৰোনেটিক্সক অন্ধকাৰত ৰাখি ঋণত জৰ্জৰিত আৰু দেৱলীয়া হৈ পৰা অনিল আম্বানীৰ সংস্থাক বিমান নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হ'ল ? তদুপৰি, ফ্ৰান্সৰ সৈতে ৰাফেল বিমান ক্ৰয়ৰ বাবে নৰেন্দ্ৰ মোডীয়ে চুক্তি স্বাক্ষৰ কৰাৰ মাত্ৰ ১৩ দিন পূৰ্বে আম্বানীয়ে ৰিলায়েন্স ডিফেন্স ইণ্ডাষ্ট্ৰিজ প্ৰতিষ্ঠা কৰিছিল ৷
সেই ১৩দিনীয়া সংস্থাক মোডীয়ে ৰাফেল বিমান নিৰ্মাণৰ ঠিকা পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ আঁৰত কি ৰহস্য আছে ? কোনো নিবিদা অবিহনে আৰু প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ কোনো পূৰ্ব অভিজ্ঞতা নথকা সত্ত্বেও এক লক্ষ কোটি টকাৰ ঋণৰ বোজাত জৰ্জৰিত অনিল আম্বানীক এই সুবিধা প্ৰদানৰ জৰিয়তে নৰেন্দ্ৰ মোডী ব্যক্তিগতভাৱে আৰু তেওঁৰ চৰকাৰে ভাৰতৰ নিৰাপত্তাক লৈয়েই ভয়ংকৰ আপোচ কৰিলে বুলি বিৰোধী দলসমূহে অভিযোগ কৰে ৷
কংগ্ৰেছে অভিযোগ কৰি কয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সৈনিকসকলৰ তেজক অপমান কৰিছে ৷ আই্নজীৱী প্ৰশান্ত ভূষণে কয়, চৰকাৰে দেশৰ নিৰাপত্তাক বিক্ৰী কৰি দিলে ৷
- Log in to post comments
- 62 views