বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ ক্ষত্ৰিয়পাৰাত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয় ।
আজি পুৱাৰ ভাগত বৈদ্যুতিক বিজুতি ঘটি ঘৰুৱা ২২০ ভ'ল্টৰ বিদ্যুৎ ৪৪০ ভ'ল্টলৈ পৰ্যৱসিত হয় ।
তেনে সময়তে গাঁওখনৰ কেৰু ৰায়ৰ পুত্ৰ পুষ্পেশ্বৰ ৰায় (১৭)য়ে পূৰ্বৰ পৰা ছুইচ বোৰ্ডত ছাৰ্জত দি থোৱা মোবাইল ফোনত হাত দিয়াৰ লগে লগে যুৱকজন বিদ্যুৎস্পৃষ্ট হয়৷
তাৰপিছতে যুৱকজনক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ।
- Log in to post comments
- 7 views