নাৰায়ণপুৰত বীজ বিতৰণত অনিয়ম : সুৰাৰ ৰাগীত মাতাল বিষয়াৰ দুৰ্নীতি

নাৰায়ণপুৰত বীজ বিতৰণত অনিয়ম : সুৰাৰ ৰাগীত মাতাল বিষয়াৰ দুৰ্নীতি

নাৰায়ণপুৰ মহকুমা কৃষি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ ব্যাপক অনিয়মৰ বাবে বানেধোৱা বিভিন্ন অঞ্চলৰ কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে ৷ কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ মইমতালিৰ বাবে বিভিন্ন সা-সুবিধাৰ পৰা প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

ৰবিশস্যৰ বীজ নিবলৈ আহি ধলপুৰ অঞ্চলৰ বহুকেইজন কৃষক বিমুখ হ’বলগীয়া হ’ল ৷ ধলপুৰ পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ কৃষকক কাৰ্যালয়টোৰ তৰফৰ পৰা দিনৰ ২ বজাত মাটিমাহৰ বীজ নিবলৈ জনাইছিল ৷

কিন্তু ২ বজাৰ পৰা ৪ বজালৈ বোন্দাপৰ দিও বীজ পাবলৈ সক্ষম নহ’ল কৃষকসকলে ৷ নিৰ্দিষ্ট সময়ৰ পূৰ্বেই কবিদ দত্ত নামৰ এজন গ্ৰামসেৱকে প্ৰায় ১৬ কুইণ্টল মাটিমাহৰ বীজ গোপনে লৈ যায় বুলি কৃষকসকলে অভিযোগ কৰে ৷

কেইবাঘণ্টা ধৰি অপেক্ষাৰ অন্তত ধৈৰ্যচ্যুতি ঘটি একাংশ কৃষকে কাৰ্যালয়টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ক্ষুব্ধ কৃষকসকলে মহকুমা কৃষি বিষয়া পূৰ্ণানন্দ দেউৰীক প্ৰশ্ন কৰাত সদুত্তৰ দিব নোৱাৰিলে বিষয়াজনে ৷

মদৰ ৰাগীত মাতাল কৃষি বিষয়াজনে আজি অলপ ধৰি অহা বুলি স্বীকাৰ কৰে । মুখেৰে মাত ওলাওঁ-নোলাওঁ, মেল খাওঁ-নাখাওঁ বিষয়াজনৰ ।  সুৰাৰ নিচাত টপৰাই ইংৰাজী কৈছে বিষয়াজনে ।

আজি বোলে পাৰ্টী এটা আছিল, তাতে অলপ খোৱা বুলি কয় । তেখেতৰ বোলে সৰুৰে পৰাই অলপ ধৰাৰ অভ্যাস অকণমান আছে বোলে । তদুপৰি, সুৰাপান কৰি কাৰ্যালয়টোত উপস্থিত থকা বিষয়াজনে চালে-বেৰে কোবোৱা উত্তৰহে দিয়ে ৷

দেউৰীয়ে প্ৰায়ে সুৰাপান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰে বুলি বিগত সময়ত অভিযোগ উত্থাপিত হৈ আহিছে ৷ চলিত বৰ্ষত বানে বিধ্বস্ত কৰা অঞ্চলটোৰ অৱশিষ্ট ধাননিতো চৰহা আৰু শূঁৰ পোকে অনিষ্ট কৰাত ৰাইজ চিন্তিত হৈ পৰিছে ৷

এনে পৰিস্থিতিত কৃষি কাৰ্যালয়টোৰ কৰ্মচাৰীৰ এনে কাণ্ডই কৃষকক বিপদত পেলাইছে ৷ আনফালে অভিযোগকাৰী কৃষকৰ ওপৰত অনিয়মভাৱে কৃষি কাৰ্যালয় চলাই থকা এছ ডি অ'জনে এক ভিত্তিহীন গোচৰ তৰিছে ।

 ইতিমধ্যে এছ ডি অ'জনে তৰা গোচৰটো চিএন নং ১৭০/১৮ ইউ এছ-১৪৩/৪৪৭/৩৫৩/৫০৬ আই পি চি পঞ্জীয়ন হৈছে ।
 

Your Comments