লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ নিৰ্বাচন : চৰকাৰী প্ৰতিনিধিয়ে ভোট দিলে কংগ্ৰেছক

লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ নিৰ্বাচন : চৰকাৰী প্ৰতিনিধিয়ে ভোট দিলে কংগ্ৰেছক

অবিভক্ত নগাঁও জিলাৰ লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অগপ দলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে, সমিতিৰ সাধাৰণ নিৰ্বাচনত অগপৰ ৬গৰাকী সদস্য, কংগ্ৰেছৰ ৩গৰাকী, এ আই ইউ ডি এফৰ ২গৰাকী আৰু এগৰাকী নিৰ্দলীয় সদস্য নিৰ্বাচিত হয় ।

এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত বৃহস্পতিবাৰে সমিতিৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় । এই নিৰ্বাচনত অগপৰ ছাইবুৰ ৰহমান আৰু কংগ্ৰেছৰ মোস্তাফা আহমেদে প্ৰতিদ্বন্দ্বিতা কৰে ।

অগপৰ প্ৰাৰ্থীগৰাকীক অগপৰ হোজাই, নগাঁও জিলা সমিতিৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সহযোগিতা কৰিছিল । এই নিৰ্বাচনত চৰকাৰী নীতি অনুসৰি তিনিগৰাকী চৰকাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

চৰকাৰী প্ৰতিনিধি কেইজন হ'ল হোজাই জিলা কৃষি বিষয়া, লংকাস্থিত পণ্যগাৰ নিগমৰ বিষয়া, এপেক্স বেংকৰ হোজাই শাখাৰ বিষয়া । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কংগ্ৰেছ, এ আই ইউ দি এফ, নিৰ্দলীয় সদস্যৰ লগতে চৰকাৰী মনোনীত উল্লিখিত প্ৰতিনিধিয়ে ভোটদান কৰে ।

ফলত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হয় । ৰাজ্যত বিজেপি, অগপ মিত্ৰজোঁটৰ চৰকাৰ চলি থকাৰ সময়তে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি পদৰ নিৰ্বাচনত চৰকাৰী প্ৰতিনিধিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটদান কৰা কাৰ্যই ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে ।

হোজাই জিলা অগপৰ এক সূত্ৰই জনোৱামতে, অগপৰ শীৰ্ষ নেতাৰ নেতৃত্বকেন্দ্ৰিক সংঘাটৰ বাবেই অগপৰ সভাপতি পদৰ প্ৰাৰ্থীগৰাকী পৰাজিত হ'ল । অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত অগপৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্বৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সংঘাত চলি আছে ।

অগপৰ এক প্ৰভাৱশালী নেতাৰ ষড়যন্ত্ৰত মহন্তক এশেকা দিয়াৰ লক্ষ্যৰেই অগপৰ এক উচ্চস্তৰীয় পদবীধাৰীৰ নিৰ্দেশমতেই চৰকাৰী প্ৰতিনিধি কেইগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিছে বুলি অভিযোগ উঠিছে ।

এই কাৰ্যৰ লগত হোজাই জিলা অগপৰ এজন শীৰ্ষ নেতা জড়িত আছে বুলি অভিযোগ উঠিছে । আনহাতে, হোজাই জিলা অগপৰ নেতা চাইবুৰ ৰহমানে চৰকাৰবিৰোধী স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দিছে ।

চৰকাৰী বিষয়াৰ এনে স্থিতিৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে সচেতন মহলে ।

Your Comments