নগাঁৱৰ ৰূপহীহাটত শোকাৱহ ঘটনা : বিদ্যুৎস্পৃষ্ট হৈ শিশুসহ ৬জনৰ মৃত্যু

নগাঁৱৰ ৰূপহীহাটত শোকাবহ ঘটনা : বিদ্যুৎস্পৃষ্ট হৈ শিশুসহ ৬জনৰ মৃত্যু

নগাঁও জিলাৰ ৰপহীহাটৰ পূব খাটোৱালত আজি এক শোকাৱহ ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰে শিশুসহ ৬জনৰ মৃত্যু হয় ।

মৃত ব্যক্তিকেইজন হৈছে ৰফিকুল ইছলাম, জব্বৰ আলী, মইদুল ইছলাম, হবিবুৰ ৰহমান, ইনামূল ইছলাম, আশীকুল ইছলাম । প্ৰাপ্ত  বাতৰি মতে, মৃত আটাইতকেইজনে আজি পুৱতি নিশা পুখুৰীত মাছ মাৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ।

স্থানীয় লোকে  অভিযোগ কৰা মতে, বহু পুৰণি বিদ্যুৎ পৰিবাহী তাঁৰ সলনি নকৰাৰ বাবে ঘটিল ঘটনাটো । এ পি ডি চি এলৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ কৰি পথ অৱৰোধ কৰি বিদ্যুৎ মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে একাংশ ক্ষোভিত ৰাইজে বিদ্যুৎ কৰ্মীৰ  বাসগৃহ তথা বাহনত আক্ৰমণ কৰে ।

পাছত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে জিলা প্ৰশাসনে । পুখুৰীত মাছ ধৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হোৱা ঘটনাৰ মূল অভিযুক্ত হিচাপে ৰাইজে লাইনমেন ফকৰুল ইছলামক চিহ্নিত কৰিছে ।

ৰাইজে আজি পুৱা নামাজৰ সময়ত ৪টা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱাৰ পাছত ১১ হাজাৰ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল পুখুৰীটোত ছিগি পৰিছিল ।

কিন্তু লাইনমেনজনক অৱগত কৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ অনুৰোধ জনাইছিল যদিও তেওঁ বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল ।

ইয়াৰে খঙত স্থানীয় লোকে লালাইনমেনজনৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে ।

Your Comments