গোলাঘাটত বিজেপি নেতৃত্বাধীন আলুৰ ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আলু ব্যৱসায়ীসকলে দাখিল কৰা গোচৰৰ যোৱা দুদিন উকলি যোৱাৰ পিছতো গোলাঘাট বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি নন্দকিশোৰ গোস্বামীসহ অমল সোণোৱাল, ধন বৰা, মিন্টু বৰাক গ্ৰেপ্তাৰ নকৰাত আজিও আলুৰ পাইকাৰী তথা খুচুৰা ব্যৱসায়ীয়ে উঠাই লোৱা নাই অনিৰ্দিষ্টকালীন আলু বিক্ৰী বন্ধৰ প্ৰতিবাদ ।
ক্ৰমে গ্ৰাহকে দুৰ্ভোগ ভুগিবলগীয়া হোৱাত কালি গোলাঘাট জিলা কংগ্ৰেছেও সেই প্ৰতিবাদক পূৰ্ণ সমৰ্থন জনাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । লক্ষণীয় যে এই আলু ব্যৱসায়ীসকলৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা ।
কালি ছাত্ৰ সংগঠনটোৱে এক সংবাদমেলৰ আয়োজন কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে এই ছিণ্ডিকেটৰাজত আৰক্ষী অধীক্ষক জড়িত থকা কথাটো স্পষ্ট কৰে বুলি মন্তব্য কৰে ।
লগতে এই ছিণ্ডিকেটৰাজৰ আৰম্ভণি গোলাঘাটৰ আৱৰ্ত ভৱনৰ পৰা হোৱা বুলিও দাবী কৰে । কিন্তু ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো এই পৰ্যন্ত দোষীক কৰায়ত্ত কৰা নাই ।
ইতিমধ্যে জিলা প্ৰশাসনে এই সন্দৰ্ভত ব্যৱসায়ী সকলৰ লগত আলোচনাত মিলিত হৈছে যদিও দোষীক গ্ৰেপ্তাৰ কৰাত বিশেষ তৎপৰতা গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ব্যৱসায়ী সন্থাই ।
ইফালে চাৰিওজন দোষী বৰ্তমান পলাতক বাবে গোলাঘাট আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি কয় যদিও গোলাঘাটবাসী এই কথাত আশ্বস্ত হ'ব পৰা নাই ।
- Log in to post comments
- 10 views