আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ দুই বীৰ ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰে ।
ছহিদ দিৱসৰ কার্যসূচীত অংশগ্ৰহণ কৰি ৰিপুণ বৰাই কনকলতাৰ ক্ষেত্ৰত চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে অপমান কৰাৰ অভিযোগ উত্থাপন কৰে । চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে বাতৰিকাকত বিজ্ঞাপন দিহে তেওঁক স্মৰণ কৰিছে চৰকাৰে ।
একে সময়তে মৃত্যুবৰণ কৰা ছহিদ মুকুন্দ কাকতিক অপমান কৰাৰ কথাও উল্লেখ কৰে ৰিপুণ বৰাই ৷ কিয়নো আজি চৰকাৰে এইগৰাকী ছহিদক স্মৰণ কৰা দেখা নগ'ল । সেয়েহে বিজেপি দলে ছহিদক অপমান কৰা বুলি তেওঁ অভিযোগ কৰে ।
উল্লেখ্য যে আজি উলহ-মালহেৰে গহপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে গহপুৰ ছাত্ৰ সন্থাইও দুই ছহিদক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে ।
- Log in to post comments
- 7 views