গুৰুজনাৰ জীৱনাদৰ্শ, অমৰ সৃষ্টিৰে উদ্বোধক হওক প্ৰতিজন অসমীয়া : ৰঞ্জিত দাস

গুৰুজনাৰ জীৱনাদৰ্শ, অমৰ সৃষ্টিৰে উদ্বোধক হওক প্ৰতিজন অসমীয়া : ৰঞ্জিত দাস

শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্হান বটদ্ৰৱা থানত মংগলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তীৰ আজি অন্তিম দিনা থানখনিত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ।

সভাপতিগৰাকীয়ে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি কীৰ্তনঘৰত উপস্থিত হৈ গুৰুজনাৰ চৰণত সেৱা জনোৱাৰ লগতে আশিস নিৰ্মালী গ্ৰহণ কৰে । ইয়াৰ পাছতে বটদ্ৰৱাৰ পৱিত্ৰ আকাশী গংগাৰ তীৰত এক ধৰ্মালোচনী সভাত অংশ লয় ৰঞ্জিত দাসে ।

এই সভাত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সাংস্কৃতিক কৰ্মী সঞ্জীৱ নাৰায়ণ, বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ লগতে কেইবাজনো বৈষ্ণৱ পণ্ডিত-গৱেষক উপস্থিত থাকে ।

গুৰুজনাৰ জীৱনাদৰ্শ, অমৰ সৃষ্টিৰে উদ্বোধক হওক প্ৰতিজন অসমীয়া : ৰঞ্জিত দাস

সভাৰ অন্তত সাংবাদিকেৰে বাৰ্তালাপত ৰঞ্জিত দাসে কয়, 'গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হ'বলৈ পায় নিজকে ধন্য মানিছোঁ । গুৰুজনাৰ জীৱনাদৰ্শ আৰু অমৰ সৃষ্টিসমূহক হৃদয়ংগম কৰি নৱপ্ৰজন্মৰ লগতে প্ৰতিজন অসমীয়া আগবঢ়া উচিত ।

গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ।'

উল্লেখ্য যে তিনিদিনীয়া বৰ্ণাঢ্য সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীৰে চলি থকা গুৰুজয়ন্তী উৎসৱৰ আজি সামৰণিৰ দিনাও বটদ্ৰৱা থানত অগণন ভক্ত-বৈষ্ণৱ, দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয় ।

Your Comments