বঙাইগাঁৱত ৭ বছৰীয়া শিশু উদ্ধাৰ : ওলোৱা নাই প্ৰকৃত পৰিচয়

বঙাইগাঁৱত ৭ বছৰীয়া শিশু উদ্ধাৰ : ওলোৱা নাই প্ৰকৃত পৰিচয়

বঙাইগাঁও চহৰত অনাই-বনাই ঘূৰি থকা অৱস্থাত এটি ৭ বছৰীয়া শিশু উদ্ধাৰ হৈছে ৷ প্ৰকৃত পৰিচয় উদ্ধাৰ নোহোৱা শিশুটিক ইতিমধ্যে আৰক্ষীয়ে বঙাইগাঁৱৰ বৰ্ষণগাঁওস্থিত প্ৰেৰণা শিশু গৃহত ৰাখিছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে নিশা চিলাৰায় উৰণীয়া সেতুত অকলশৰীয়াকৈ ঘূৰি ফুৰা অৱস্থাত হঠাতে শিশুটিয়ে এখন চলন্ত মটৰচাইকেলৰ সন্মুখত আহি পৰাত মটৰচাইকেলৰ আৰোহীয়ে শিশুটিক উদ্ধাৰ কৰি উত্তৰ বঙাইগাঁও আৰক্ষীক গতাই দিয়ে ৷

পিছত আৰক্ষীয়ে শিশুটিক সোধা-পোছা কৰাত নিজকে পিয়ূষ দে' বুলি জনোৱাৰ লগতে পিতৃৰ নাম প্ৰকাশ দে' বুলি জনায় ৷ অৱশ্যে ঘৰৰ ঠিকনা সন্দৰ্ভত শিশুটিয়ে একো ক'বলৈ সক্ষম নোহোৱাত আৰক্ষী বিমোৰত পৰে ৷

আৰক্ষীয়ে শিশুটিক বিভিন্ন অঞ্চললৈ নিয়ে যদিও পৰিয়ালৰ লোকক বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱাত পিছত শিশুটিক বৰ্ষণগাঁৱৰ প্ৰেৰণা শিশু গৃহত ৰাখিছে ৷ বৰ্তমানলৈ শিশুটিক বিচাৰি কোনো লোকে আৰক্ষীৰে যোগাযোগ কৰা নাই বুলিও জনায় ৷

শিশুটিৰ ঘৰ বঙাইগাঁৱত নে আন ক'ৰবাত সেয়াও জানিব পৰা হোৱা নাই ৷ লগতে শিশুটি নিজে ঘৰৰ পৰা ওলাই আহিছিল নে পৰিয়ালৰ কোনো লোকে শিশুটিক বঙাইগাঁৱত এৰি থৈ গৈছিল তাকলৈও এতিয়া সন্দেহ ঘনীভূত হৈছে ৷

শিশুটিৰ পৰিচয় সন্দৰ্ভত কোনো লোকে কিবা তথ্য জানিলে উত্তৰ বঙাইগাঁও আৰক্ষীৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
 

Your Comments