বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮টা গাঁও পঞ্চায়তৰ ভিতৰত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ ১৪টা পঞ্চায়তত চলি অহা দুৰ্নীতিৰ বিষয়টো উদঙালে দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ে ৷
প্ৰতিবাদী হিতাধিকাৰী ৰাইজৰ অভিযোগ মতে, নাৰায়ণপুৰ খণ্ড উন্নয়ন বিষয়া আইনুল হক মোল্লা আৰু পঞ্চায়ত সচিবসকলে বিজেপিৰ নেতা-পালিনেতা আৰু বিধায়ক প্ৰতিনিধিৰ শ্ৰুতলিপি মতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী শ্ৰেণীৰ ব্যক্তিক অগ্ৰাধিকাৰ দি আহিছে ৷
উন্নয়ন খণ্ডটোত চলি অহা দুৰ্নীতিৰ বহিঃপ্ৰকাশ ঘটে প্ৰধান মন্ত্রী আৱাস যোজনাৰ গৃহৰ তালিকাভুক্ত হিতাধিকাৰী নিৰ্বাচনৰ বিসংগতিত ৷ পঞ্চায়তটোৰ দুখীয়া পৰিয়ালক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ জৰিয়তে গৃহ নিৰ্মাণৰ বাবে ৭৬৭টা দুখীয়া পৰিয়ালৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰি গাঁওসভাত সৰ্বসিদ্ধান্তমৰ্মে ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ তালিকা প্ৰেৰণ কৰে ৷
কিন্তু গাঁওসভাই অনুমোদন জনোৱা ৭৬৭টা পৰিয়ালৰ তালিকাৰ পৰা ২৬৭টা পৰিয়ালৰ নাম কৰ্তন কৰি ৫০০ পৰিয়ালক গৃহ নিৰ্মাণৰ অনুমোদন জনায় ৷ যি ২৬৭টা পৰিয়ালক তালিকাৰ পৰা নাম কৰ্তন কৰিলে সকলো পৰিয়াল চৰকাৰী গৃহ পাবৰ বাবে উপযুক্ত হিতাধিকাৰী হোৱাৰ বিপৰীতে ৫০০টা পৰিয়ালৰ তালিকাত থকা পৰিয়ালৰ সৰহসংখ্যকে ইতিমধ্যে দুবাৰকৈ চৰকাৰী গৃহৰ ধনৰ আবণ্টন লাভ কৰিছিল ৷
গাঁওসভাই অনুমোদন জনোৱা দুখীয়া পৰিয়ালৰ নাম কৰ্তন কৰি দুবাৰকৈ গৃহ পোৱা পৰিয়ালৰ নাম অন্তৰ্ভুক্তি হোৱাত বঞ্চিত হিতাধিকাৰীসকল ক্ষোভিত হৈ পৰে ৷ দুখীয়া পৰিয়ালৰ নাম কৰ্তন কৰি দুবাৰকৈ গৃহ লাভ কৰা পৰিয়ালৰ নাম কেনেকৈ অন্তভুৰ্ক্ত হ'বলৈ পালে তাকে পঞ্চায়তটোৰ সচিব প্ৰফুল্ল ফুকনক প্ৰশ্ন কৰাত সচিবগৰাকীয়ে কয় যে খণ্ড উন্নয়ন বিষয়া আৰু বিজেপিৰ নেতা হৰেকৃষ্ণ বৰুৱা, নৱ শইকীয়া, লেলিন দলে, গুণীন ফুকন, আজিবুল আলী, বিপুল শইকীয়া, ৰমেন দলে,
বিনন্ত পেগু, নাজিৰ পাটিৰ, নীল কুমাৰ পাটিৰ, লাচিত শইকীয়া, বুমকান্ত পাটিৰ, নৰেন গোস্বামী, প্ৰাঞ্জল গোস্বামী, প্ৰদীপ গগৈ, অমল বৰুৱা, মণ্টু বড়া, গিৰিশ শইকীয়া, মানৱজ্যোতি দলে, বিহপুৰীয়া সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি সুনীল হাজৰিকাকে ধৰি ৬০-৬৫জনীয়া বিজেপিৰ নেতাই ৫০৫জনীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হিতাধিকাৰীকহে গৃহ আবণ্টনৰ বাবে সচিবক হেঁচা প্ৰয়োগ কৰে ৷
বিডিঅ' আৰু সচিবগৰাকীক প্ৰদান কৰা হেঁচাৰ বাবে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাত ক্ষোভ প্ৰকাশ কৰে বিজেপিৰ নিষ্ঠাৱান কৰ্মী ৰূপম বৰুৱাই ৷ বিডিঅ'-সচিব আৰু বিজেপি নেতাৰ গৰ্হিত কাৰ্যৰ তথ্য লাভ কৰি হিতাধিকাৰীসকলে ২০ ছেপ্টেম্বৰত দক্ষিণ নাৰায়ণপুৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদৰ বাবে অপেক্ষা কৰে ৷
কিন্তু পুৱা ১১ বজাৰ পাছতো কোনো পঞ্চায়ত কৰ্মচাৰী উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ কাৰ্যালয়ত তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সচিব প্ৰফুল্ল ফুকন উপস্থিত হোৱাৰ লগে লগে হিতাধিকাৰীসকলে কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰি সচিবগৰাকীৰ পৰা কৈফিয়ৎ বিচাৰে ৷
সচিবগৰাকীয়ে ৰাইজৰ সন্মুখত বিডিঅ' আৰু বিজেপি নেতাৰ হেঁচাত পৰি প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ কথা স্বীকাৰ কৰি লিখিতভাৱে জনায় ৷ ইয়াৰ পূৰ্বে ক্ষোভিত ৰাইজক শান্ত কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱা বিধায়ক দেবানন্দ হাজৰিকাৰ প্ৰতিনিধি সুনীল হাজৰিকাক লপাথপা দিয়াত কথমপি ৰক্ষা পৰে ৷
সুনীল হাজৰিকাৰ লগত যোৱা এক প্ৰকাৰৰ দালালস্বৰূপ দুলাল শিল্পী ফুকনক উপৰ্যুপৰি শাৰীৰিক প্ৰহাৰ কৰে ৷ পঞ্চায়তত উপায়ন্তৰ হৈ খণ্ড উন্নয়ন বিষয়াগৰাকী উপস্থিত হৈ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি শীঘ্ৰে সচিব প্ৰফুল্ল ফুকনক বদলি কৰা, বিজেপি নেতাৰ হেঁচাত প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰা আৰু বিধায়কক প্ৰতিনিধি
সুনীল হাজৰিকাই অনুমোদন জনোৱা তালিকাখনকে বাহাল ৰখাৰ কথা স্বীকাৰ কৰি ৰাইজৰ ৰোষৰ পৰা সাৰি যোৱাৰ বিষয়ে সচিব প্ৰফুল্ল ফুকনে লিখিতভাৱে ৰাইজক জনায় ৷
লগতে নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ সকলো পঞ্চায়ততে বিডিঅ'গৰাকীৰ অনুমোদনমৰ্মে নাম কৰ্তন কৰি অন্য পঞ্চায়তত অন্তভুৰ্ক্ত কৰাৰ বিষয়েও অৱগতে কৰে সচিবগৰাকীয়ে ৷
ইপিনে নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪খন গাঁও পঞ্চায়তত চলি থকা বিডিঅ' আৰু বিজেপি নেতাৰ গোপনে চলা দুৰ্নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
- Log in to post comments
- 15 views