বৰপেটাৰ নগাঁৱত পুষ্টি অভিযানৰ বিশাল সমদল

বৰপেটাৰ নগাঁৱত পুষ্টি অভিযানৰ বিশাল সমদল

বৰপেটা জিলাৰ নগাঁৱত আজি পুষ্টি অভিযান শীৰ্ষক এক বিশাল সমদল উলিওৱা হয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত বৰপেটা উন্নয়ন খণ্ডৰ উদ্যোগত এই সমদল উলিওৱা হয় ।

বৰপেটা উন্নয়ন খণ্ডৰ অধীনস্থ জীৱিকা সখী দীপা তালুকদাৰৰ নেতৃত্বত উলিওৱা পুষ্টি অভিযান সমদলত ৪৪টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ।

ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টিকৰ  মাহ হিচাপে ঘোষণা কৰা হোৱা হেতুকে ইয়াৰ লগত সংগতি ৰাখি খণ্ড প্ৰকল্প সঞ্চালক অৰূপ শৰ্মাৰ তৎপৰতাত এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় ।

জীৱিকা সখী দীপা শইকীয়া তালুকদাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মহিলাসকল পুষ্টিহীনতাত বেছিকৈ ভোগে । মহিলাসকলক নিয়মিয়াকৈ পুষ্টিকৰ আহাৰ খাবলৈ সজাগতা সৃষ্টিৰে পুষ্টিহীনতা দূৰ কৰিবলৈ সকলো শ্ৰেণীৰ লোকৰ মাজত তৎপৰতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এই সমূহীয়া সমদল উলিওৱা হয় ।

ইফালে বৰপেটা জিলাত কৰ্কট ৰোগীৰ সংখ্যা বেছি বুলি উল্লেখ কৰি কৃষকসকলক কেঁচুসাৰ আৰু গোবৰ সাৰ প্ৰয়োগ কৰি শস্য উৎপাদন কৰিবলৈ জীৱিকা সখী দীপা শইকীয়া তালুকদাৰে আহ্বান জনায় ।

আজিৰ এই সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলাসকলক কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু ভিটামিনযুক্ত আহাৰ প্ৰদান কৰা হয় ।

Your Comments