বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ গোৱাবাৰীত অখিল অসম গোৰ্খা ছাত্ৰ সংঘৰ বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু নাগ্ৰীজুলী আঞ্চলিক সমিতিৰ সহযোগত আজি জন জাগৰণ সভা অনুষ্ঠিত হয় ।
'অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় গোর্খাসকলক বিদেশী সজোৱাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । যি গোর্খা জনগোষ্ঠীৰ লোকৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদান আছে, যি গোর্খাৰ ভাৰত নিৰ্মাণ আৰু অসম নিৰ্মাণত অৱদান আছে, সেইসকল প্ৰকৃত ভাৰতীয় গোর্খাক এন আৰ চিৰ নামত যথেষ্ট হাৰাশাস্তি কৰা হৈছে ।
সকলো নথি-পত্ৰ ঠিকে থকাৰ পিছতো সাধাৰণ উপাধিৰ বাবেই এন আৰ চিৰ বিষয়াসকলে গোর্খা লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত আছে ৷ আনহাতে, গোর্খাসকলক হাৰাশাস্তি কৰা আৰু স্বদেশী গোর্খাসকলক বিদেশী সজোৱাৰ চেষ্টা চলাই আহিছে এন আৰ চি কৰ্তৃপক্ষই ।'
এই অভিযোগ সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰেম তামাঙৰ । বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সভাপতি ৰাজু বজগাইৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত নিজৰ ভাষণ প্ৰসংগত তামাঙে পুনৰ কয় যে ভাৰতৰ স্বাধীনতা আন্দোলন, আজাদ হিন্দ ফৌজৰ অংশীদাৰী অসমৰ গোর্খাসকলৰ বিৰুদ্ধে ৰচনা কৰা
ড়যন্ত্ৰক প্ৰতিহত কৰাৰ বাবে আৰু এজন প্ৰকৃত ভাৰতীয় গোর্খা লোকৰ যাতে এন আৰ চিৰ পৰা বাদ নপৰে তাৰবাবে সদৌ অসম গোর্খা ছাত্ৰ সন্থাই দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হৈ আছে ৷
কেন্দ্ৰীয় চৰকাৰেও অসমৰ প্ৰকৃত ভাৰতীয় গোর্খাসকলক ন্যায় দিয়া হ'ব বুলি চৰকাৰৰ সৈতে হোৱা আলোচনাৰ কথা ছাত্ৰ সংগঠনটোৰ সভাপতিগৰাকীয়ে সদৰী কৰে লগতে এন আৰ চিক লৈ শংকিত নহ'বলৈ গোর্খা ৰাইজক আহ্বান জনায় ।
এন আৰ চি কৰ্তৃপক্ষক লগ ধৰি এন আৰ চি যে বাংলাদেশী বিদেশী চিনাক্তকৰণৰ বাবেহে, খিলঞ্জীয়া গোর্খাসকলক বিদেশী সাজোৱাৰ বাবে নহয়, সেয়া স্পষ্ট কৰি দিয়ে বুলি সভাত অৱগত কৰে ।
তেওঁ অভিযোগ কৰি কয় যে যিসময়ত ভাৰত মাতৃক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সীমান্তই সীমান্তই গোর্খা লোকসকল প্ৰহৰী হৈ আছে, সেইসকল গোর্খা ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নাম এন আৰ চিৰ খচৰাত বাদ পৰা, ১৯০০ চনৰ বা তাৰ আগৰ নথি-পত্ৰ দিয়াৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাটো অতি দুৰ্ভাগ্যজনক ৷
এয়া এন আৰ চি কৰ্তৃপক্ষই এন আৰ চিৰ পৰা নাম বাদ পৰা ডেৰ লক্ষাধিক গোর্খাৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি তেওঁ বিষোদগাৰ কৰে । অসমত যি এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে তাৰ প্ৰতি গোর্খাসকলৰ পূৰ্ণ সমৰ্থ থকা বুলি উল্লেখ কৰি তামাঙে কয় যে এজনো যদি প্ৰকৃত ভাৰতীয় গোর্খা
কৰ নাম এন আৰ চিৰ পৰা বাদ পৰে তেনেহ'লে গোর্খা ছাত্ৰ সন্থা বহি নাথাকি অসমত বসবাস কৰা ২৫ লক্ষাধিক গোর্খা লোকক লগত লৈ ৰাজপথলৈ ওলাই আহিব আৰু নিজৰ প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ।
ইয়াৰ বাবে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষহে জগৰীয়া হ'ব ৷ ইয়াৰ বাবে গোর্খা ছাত্ৰ সন্থা বা গোর্খা লোকসকল জগৰীয়া নহয় বুলিও ছাত্র সংগঠনটোৰ সভাপতিগৰাকীয়ে সকীয়াই দিয়ে ।
উক্ত সভাত আগচুৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাং, উপ-সভাপতি অৰ্জুন ছেত্ৰী, প্ৰাক্তন সহ-সচিব সঞ্জীৱ চৌহান, বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন চৌহান, সম্পাদক ৰোহিত কুমাৰ দাহাল, স্বায়ংসেৱক নেত্ৰ কুমাৰ উপাধ্যায়, কেন্দ্ৰীয় সমিতিৰ সদস্য লেখ চুব্বাৰ লগতে তিনি শতাধিক লোক উপস্থিত থাকে ।
- Log in to post comments
- 17 views