ওৰাং থানাৰ অন্তৰ্গত নিছিলামাৰী গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
কিশোৰীগৰাকীৰ বিধৱা মাতৃ হোটেলত বনকৰা হিচাপে থকাৰ সুযোগ গ্ৰহণ কৰি সভ্য সমাজৰ কোনো পাষণ্ডই ১৪ বছৰীয়া ছোৱালীজনীক অন্তঃসত্ত্বা কৰাৰ পিছত সমাজৰ সন্মুখত অবৈধ মাতৃত্বৰ বোজাৰ ভয়ত আজি আবেলি নিজৰ ঘৰতে চিপ লৈ আত্মহননৰ পথ বাছি ল'বলগীয়া হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে ।
ওৰাং আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
- Log in to post comments
- 1 view