বুধবাৰে গোলাঘাটৰ পাইকাৰী আলু ব্যৱসায়ীসকলে বিজেপিৰ নেতা-পালিনেতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গোলাঘাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । জানিব পৰা মতে, গোলাঘাট জিলা বিজেপিক চৰম লজ্জানত কৰি আৰম্ভ কৰিব খুজিছিল আলুৰ ছিণ্ডিকেটৰাজ ।
প্ৰধানকৈ বিজেপিৰ ছত্ৰছায়াত এই বৃহৎ ছিণ্ডিকেটৰাজত গোলাঘাট বিজেপিৰ যুৱ সংগঠনৰ সভাপতি নন্দকিশোৰ গোস্বামী, মিণ্টু বৰা, অমল সোণোৱাল আৰু ধন বৰা নামৰ যুৱককেইজনৰ নাম সাঙোৰ খাই পৰিছে ।
এই যুৱ কৰ্মীকেইজনেই বুধবাৰে আলু ব্যৱসায়ীসকলৰ পৰা প্ৰতি ট্ৰাকত ১০,০০০ টকা দাবী কৰিছিল । কিন্তু ব্যৱসায়ীসকলে সেই কৰ দিবলৈ অমান্তি হোৱাত আলুৰ বজাৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ।
দুৰ্নীতিমুক্ত শ্লোগানেৰে শাসনলৈ অহা চৰকাৰ পক্ষৰ পালিনেতাৰ বিৰুদ্ধে সৰৱ হৈ ব্যৱসায়ীসকলে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ৷ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে উক্ত নেতাকেইজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।
দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি দাবী কৰা চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে এতিয়া তালৈ অপেক্ষা কৰিছে গোলাঘাটৰ ৰাইজে ।
- Log in to post comments
- 11 views