সোণাৰিত পানী যোগান আঁ‌চনি শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

সোণাৰিত পানী যোগান আঁ‌চনিৰ শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

সমগ্ৰ দেশতে ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে প্ৰৱৰ্তন হোৱা ‘স্বচ্ছতাই সেৱা’ আঁ‌চনিখনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ ‘মিছন ১০০’ আঁ‌চনিৰ অধীনত আজি অসম চৰকাৰৰ শক্তি আৰু গড়কাপ্তানি মন্ত্ৰী তপন কুমাৰ গগৈয়ে চৰাইদেউ জিলাৰ চফ্ৰাই বাগিচা পানী যোগান আঁ‌চনিৰ উদ্বোধন কৰে ।

সোণাৰিত পানী যোগান আঁ‌চনিৰ শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, নাজিৰা সংমণ্ডল তথা সোণাৰি উপ-সংমণ্ডলৰ দ্বাৰা এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয় ৷

সভাত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে ৩০ হাজাৰ লিটাৰ ক্ষমতাযুক্ত এই পানী যোগান আঁ‌চনিখনে অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰি অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি বাগিচাবাসীক স্বচ্ছতা আৰু সু-স্বাস্থ্যৰ দিশত বিশেষভাৱে উপকৃত কৰিব বুলি মন্তব্য কৰে । 

সোণাৰিত পানী যোগান আঁ‌চনিৰ শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

সভাত চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে চাহ বাগিচাৰ লোকসকলৰ সৰ্বাংগীণ উন্নয়ণৰ কাৰণে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন চৰকাৰী শিতানৰ অধীনত গ্ৰহণ কৰা আঁ‌চনিসমূহৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে ।

সোণাৰিত পানী যোগান আঁ‌চনিৰ শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

সোণাৰি বিধানসভা সমষ্টিৰ চফ্ৰাই চাহ বাগিচাৰ সৰ্বমুঠ ৬.৩০ কিলোমিটাৰ দৈৰ্ঘ্যযুক্ত জনবসতি পূৰ্ণ এলেকাক  সামৰি মুঠ ৮২ লাখ ৪২ হাজাৰ টকা ব্যয়সাপেক্ষে এই আঁ‌চনিখন সম্পন্ন কৰা হৈছে ।

সোণাৰিত পানী যোগান আঁ‌চনিৰ শুভ উদ্বোধন মন্ত্ৰী তপন গগৈৰ

সভাত চৰাইদেউ জিলাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰেৱ শইকীয়া, সাপেখাতী ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা মিনজাউল হক, সহকাৰী অভিযন্তা ৰাজীৱ কুমাৰ ভট্টাচাৰ্য আদি উপস্থিত থাকে ৷

Your Comments