জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক জন্মোৎসৱ উপলক্ষে আজি হৰিনামেৰে মুখৰিত হৈ পৰে বঙাইগাঁৱৰ বিভিন্ন নামঘৰ ৷ বঙাইগাঁও চহৰৰ বঙাইগাঁও নামঘৰ, বৰপাৰা নামঘৰ, নিউ বঙাইগাঁও নামঘৰ, দেউৰীপাৰা নামঘৰ আদিত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হয় ৷
ইপিনে বঙাইগাঁও নামঘৰত মঙলবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে ৷ এই উপলক্ষে পুৱা ঊষা কীৰ্তন, পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ আদি কাৰ্যসূচীৰ লগতে ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷
ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে নলিনী দাসে ৷ দুপৰীয়া থিয়নাম পৰিৱেশিত হয় ৷ সন্ধিয়া অনুষ্ঠিত হয় স্মৃতিগ্ৰন্থ উন্মোচন আৰু ধৰ্মালোচনী সভা ৷ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷
আনহাতে, বঙাইগাঁও ডায়েটৰ প্ৰবক্তা ডিম্বেশ্বৰ মেধিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ লগতে উদ্যাপন সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ স্মৃতিগ্ৰন্থখনৰ সম্পাদক বনলতা দাস ৷
সভাত মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাদ্বয়ে মহাপুৰুষজনাৰ বিভিন্ন দিশক সামৰি বক্তব্য ৰাখে ৷ সভাৰ পিছতে ৫৭০ গছি বন্তি প্ৰজ্জ্বালন কৰা হয় ৷ বন্তি প্ৰজ্জ্বালন অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মুখ্য প্ৰজ্জ্বালক হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জ্বালন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল অধিকাৰী, সাধাৰণ সম্পাদক প্ৰদীপ মহন্তৰ লগতে নীৰেন দাস আদি উপস্থিত থাকে ৷ উল্লেখ্য যে কালি পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, নামঘৰৰ আইসকলৰ নামৰ লগতে সন্ধিয়াও নাম-প্ৰসংগ, ভাগৱত পাঠ কৰা হয় ৷
ইপিনে বঙাইগাঁৱৰ আন নামঘৰসমূহতো পুৱাৰে পৰা ঊষা কীৰ্তন, পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা, নাম-প্ৰসংগ, ধৰ্মালোচনী সভা আদি কাৰ্যসূচীৰে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপিত হয় ৷
- Log in to post comments
- 13 views