মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭০সংখ্যক জন্মজয়ন্তী উৎসৱ আজি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মাজুলীৰ জেংৰাইমুখতো উলহ-মালহেৰে উদ্‌যাপন কৰা হয় ।

নামনি বৰপমুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ, জেংৰাইমুখ সৰ্বোদয় সংঘ, উজনি চেৰপাই, কুমাৰবাৰী, জেংৰাই বালি চাপৰি, ফুলনি, ৰঙাচাহী, বৰগুৰি, জেংৰাই গাঁও, মুদৈবিল আদি প্ৰায় কুৰিটা নামঘৰত গুৰুজনাৰ শ্ৰীচৰণত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে আকাশ-বতাহ ।

মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

নামঘৰত পুৱাৰ ভাগৰ পৰাই খোল প্ৰসংগ, নাম প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰা হয় । তদুপৰি, ভাগৱত ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন গাঁৱৰ লোকে ধূপ, দীপ, নৈবদ্য আগবঢ়াই সেৱা লয় । 

গুৰুজনাৰ জন্মজয়ন্তীৰ দিনা মিচিং ভাষাত বৰগীত পৰিৱেশন কৰাৰ লগতে পুৱাৰে পৰা গাঁৱৰ পুৰুষ-মহিলা, আবাল-বৃদ্ধ-বণিতা সকলোৱে একাকাৰ হৈ নাম প্ৰসংগ, গুৰু বন্দনা, দিহানাম পৰিবেশন কৰে ।

মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

লগতে সত্ৰীয়া নৃত্য ক্ৰমে মাটি আখৰা, ঝুমুৰা, কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে শিশু শিল্পীসকলে । মহাপুৰুষজনাক বন্দনাৰ বাবে বিভিন্ন গাঁৱৰ নামঘৰবোৰত শ শ লোকে ওলাই আহি নাগাৰা, ঢোল, টোকাৰী, তাল, টানপুৰা আদিৰে সমগ্ৰ পৰিৱেশ এক আধাত্মিক মিলনথলীলৈ পৰিণত কৰি সমাজৰ সকলো স্তৰৰ ভেদাভেদ পৰিহৰি ঈশ্বৰ বন্দনাত নিমগ্ন হৈ পৰে ।

জনজাতি লোকসকলেও পবিত্ৰ সাজপাৰ পৰিধান কৰি হৰিনামত অংশগ্ৰহণ কৰে ৷

Your Comments