হস্তী-মানুহৰ সংঘাত : বাক্সাত আহত ২জন

হস্তী-মানুহৰ১সংঘাত১ো১বাক্সাত১আহত১২জন

বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানুহ আৰু হাতীৰ সংঘাত ৷ দীৰ্ঘদিন ধৰি সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷

বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে প্ৰতিনিশা প্ৰতিবেশী গাঁওসমূহত তাণ্ডৱ চলাই আহিছে ৷

কেতিয়াবা যদি মানুহ মৰিছে, কেতিয়াবা আকৌ মানুহৰ জিঘাংসাৰ বলি হৈছে বনৰীয়া হাতী ৷ সীমান্তৱৰ্তী বহু গাঁৱত   বনৰীয়া হাতী সোমাই ঘৰ-দুৱাৰ ভাঙি, শইচৰ পথাৰ বিনষ্ট কৰি পেলাইছে ৷

যোৱানিশাও এটি বনৰীয়া হাতীৰ জাকে বাক্সাৰ বগামাটি দাওৰাঝাৰ গাঁৱত প্ৰবেশ কৰি দুজন লোকক আক্ৰমণ কৰে ৷ ফলত আহত হয় 
চন্দ্ৰ বড়ো আৰু সমেশ্বৰ বড়ো ৷

গুৰুতৰভাৱে আহত চন্দ্ৰ বড়োক জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে চন্দ্ৰ বড়ো বগামাটি দাওৰাঝাৰ টুৰিজিম ছ'চাইটীৰ সদস্য ৷

আনহাতে, কেইবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে ৷

Your Comments