তামুলপুৰত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন

তামুলপুৰত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন

বাক্সা জিলা তামুলপুৰ মহাকুমাৰ বিভিন্ন ঠাইত মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰা হয় । উত্তৰ-পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত অময়াপুৰ মিলন প্ৰাথমিক শাখৰ সৌজন্যত দুদিনীয়া কাৰ্যসুচীৰে অময়াপুৰ নামঘৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয় ।

গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মঙলবাৰে সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্জ্বালন কৰে যুৱ সমাজকৰ্মী দিলীপ ৰাজবংশীয়ে ৷ ইয়াৰ পিছত আই-মাতৃসকলে নামঘৰত নাম-প্ৰসংগ কৰে । আজি পুৱা মুখ্যদ্বাৰ উন্মোচনৰ পিছতে নাম-প্ৰসঙ্গ আৰু পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

তামুলপুৰত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন

পতাকা উত্তোলন কৰে অময়াপুৰ মিলন প্ৰাথমিক শাখাৰ সভাপতি বিজয় তালুকদাৰে । পুৱা ১০ বজাত ভাগৱত শোভাযাত্ৰা উলিও ৱাহয় । ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে অময়াপুৰ মিলন প্ৰাথমিক শাখাৰ সদস্য গৌৰী বৰ্মনে ।

শোভাযাত্ৰা উদ্বোধন কৰি বৰ্মনে কয় যে মহাপুৰুষজনাই অসমীয়া সমাজলৈ যি অৱদান আগঢ়াই গৈছে আজিও সেই অৱদান অসমীয়া জাতিয়ে আখৰে আখৰে পালন কৰি আহিছে । মহাপুৰুষজনাৰ জীৱন-কৰ্ম সুঁৱৰি সমাজখনক একতাৰ ডোলেৰে বান্ধ খাই জীয়াই থাকিবলৈও তেওঁ আহ্বান জনায় ।

তামুলপুৰত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন

ভাগৱত শোভাযাত্ৰাৰ পিছত আই-মাতৃ, যুৱক-যুৱতী, ডেকা-বুঢ়া সকলোৱে  হৰিনাম-কীৰ্তন গাই মুখৰিত কৰে অময়াপুৰৰ আকাশ-বতাহ । মহা প্ৰসাদ বিতৰণেৰে সমাপ্ত হয় গুৰুজনাৰ আৱিৰ্ভাৱ তিথি ।

ইপিনে নাগ্ৰীজুলীৰ টেবিতোলাস্থিত বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টেবিতোলা শংকৰদেৱ প্ৰাথমিক শাখাৰ উদ্যোগত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয় ।

তামুলপুৰত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি পালন

পুৱা শৰাই অৰ্পণ, ধৰ্মধ্বজা উত্তোলনৰ পিছত অঞ্চলটোৰ ধৰ্মপ্ৰাণ পুৰুষ-মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰীসকলে বৰনামঘৰত উপস্থিত হৈ নাম-প্ৰসংগ কৰে । আজিৰ এই বিশেষ দিনটোত হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে নাগ্ৰীজুলিৰ টেবিতোলা অঞ্চলৰ আকাশ-বতাহ ।

তামুলপুৰ শংকৰদেৱ শাখা সত্ৰতো শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয় । ভক্তি ৰসত বুৰ যায় সমগ্ৰ তামুলপুৰ মহকুমাটো ।

আনহাতে, কালাকুছিত আজিৰে পৰা ৫দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসুচীৰে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে ।

Your Comments