গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭০সংখ্যক জন্মজয়ন্তী উৎসৱ পৰম্পৰাগতভাৱে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে বঢ়াৰ পো শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা ৮ বজাত জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে নৱনিৰ্মিত জয়-বিজয় নীতি উন্মোচন কৰে ৷

গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

দুপৰীয়া ১২ বজাত ভাদমহীয়া নাম সামৰণী অনুষ্ঠানৰ পিছতেই বিয়লি ৪ বজাত প্ৰসাদ বিতৰণ কৰা হয় ৷ সন্ধিয়ালৈ মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৰাম বৰাৰ সঞ্চালনাত 'জ্ঞান মঞ্জুসা' নামৰে মননশীল এক অনুষ্ঠান অনুষ্ঠিত কৰে ৷

উক্ত অনুষ্ঠানত মাধৱদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ গৌতম কাকতি আৰু যোগেন তামূলীয়ে "আমাৰ প্ৰাত্যহিক তথা গাৰ্হস্থ্য জীৱন-চৰ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশিত আৰ্হি-আদৰ্শৰ গুৰুত্ব" শীৰ্ষক নিৰ্বাচিত বিষয়ৰ ওপৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় ৷

গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক যুৱক-যুৱতীৰ লগতে বয়োজ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে । আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ  ভাগত ঊষা কীৰ্তন, পৰিবেশ নিৰাকৰণৰ পিছতেই মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৰাম বৰাই বৃক্ষৰোপণ কৰে ।

ইয়াৰ পিছতে জন্মস্থানৰ নিত্য প্ৰসঙ্গ কৰা হয় ৷ প্ৰফুল্ল শইকীয়াই পুৱা ১০ বজাত গুৰু চৰিত্র পাঠ কৰাৰ পিছতেই নামাতিৰ্য কমল দত্তই সামূহিক নাম পৰিবেশন কৰে ৷

দুপৰীয়া পোৰাবিল খেলৰ নৱ প্ৰশিক্ষিত শিশু শিল্পীসকলে গায়ন-বায়ন পৰিবেশন কৰে আৰু বিধান বৰুৱা আৰু মুনীন্দ্ৰ বৰাৰ পৰিচালনাত ৰঙাজান মাধৱদেৱ সাংস্কৃতিক মঞ্চৰ দ্বাৰা পাৰিজাত হৰণ ভাওনা প্ৰদৰ্শন কৰা হয় ৷

গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

সন্ধ্যা ৬ বজাত ৫৭০ গছি বন্তি প্ৰজ্জ্বালনেৰে গুৰুজনালৈ সেৱা নিবেদন কৰা হয় আৰু নিশালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা 'সীতা হৰণ বালি বধ' নাটৰ ভাওনা প্ৰদৰ্শনেৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ'ব ৷

গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান

উল্লেখ্য যে স্বৰ্ণ জয়েৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা অসম সন্তান, যুৱ শ্বুটাৰ হৃদয় হাজৰিকাক মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং, অভিনন্দন পত্ৰৰে উষ্ম আদৰণি জনোৱা হয় ৷

Your Comments