সৰ্থেবাৰীত কন্যা হত্যাকাৰী পিতৃ আৰক্ষীৰ জালত

সৰ্থেবাৰীত১কন্যা১হত্যাকাৰী১পিতৃ১আৰক্ষীৰ১জালত

এইবাৰ হত্যাকাৰীৰ ৰূপত পিতৃ । বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে নিজ কন্যা হত্যাকাৰী এজন পাষাণ পিতৃ ।

যোৱা সোমবাৰে নিশা পাষাণ পিতৃজনে নিজৰ দুবছৰীয়া কন্যা সন্তানক হত্যা কৰি ঘৰৰ ভিতৰত পেলাই থৈ পলাতক হৈ আছিল ।

সৰ্থেবাৰীৰ হেলচা পামত সংঘটিত এই জঘন্য কাণ্ডৰ পাছত সৰ্থেবাৰী আৰক্ষী থানাত ৪৩৫/১৮ নম্বৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ১২২(বি/৩০২/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ তৎপৰতা আৰু তদন্তকাৰী বিষয়া শংকৰ ৰায়ৰ অভিযানত অৱশেষত কন্যা হত্যাকাৰী চহিদুল ইছলাম নামৰ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

ধৃত চহিদুল ইছলামে নিজৰ কন্যাক ডিঙি চেপি হত্যা কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰে সংবাদ মাধ্যমৰ ওচৰত । দুগৰাকীকৈ বিয়া পতা চহিদুল ইছলামে নিজৰ দ্বিতীয় পত্নীৰ লগত হোৱা কাজিয়াৰ ফলতেই নিজৰ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ।

দ্বিতীয় পত্নীৰ লগত থকা কন্যা শিশুটোক চহিদুলে ঘৰলৈ লৈ আনি বজাৰ-সমাৰ কৰি নিশা ভাত-পানী খুৱাই ডিঙি চেপি হত্যা কৰে ।

উল্লেখ্য যে প্ৰথমা পত্নীৰ লগত চহিদুলে লক্ষ্ণৌত থাকে । ইতিমধ্যে আৰক্ষীয়ে প্ৰথমা পত্নী ৰুমেলা খাতুনকো গ্ৰেপ্তাৰ কৰিছে ।

Your Comments