কোকিলকণ্ঠী লতা মংগেশকাৰৰ বিয়োগত অসম চৰকাৰৰ দুদিনীয়া ৰাজ্যিক শোক ঘোষণা

A

 

নিউজ ডেস্ক:
সংগীতৰ জগতখনৰ মহীৰূহ লতা মংগেশকাৰে এটা যুগৰ অৱসান ঘটাই আজি পুৱা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
 ভাৰতৰ নাইটিঙ্গেল খ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যবাসীও ৷উল্লেখ্য যে, প্ৰখ্যাত কণ্ঠশিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি অসম চৰকাৰে দুদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই লতা মংগেশকাৰৰ মৃত্যু সাংগীতিক জগতখনৰ বাবে কেতিয়াও পুৰণ কৰিব নোৱাৰা ক্ষতি বুলি মন্তব্য কৰি চৰকাৰে দুদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা কৰাৰ বিষয়ে জানিবলৈ দিয়ে।আনহাতে,দেওবাৰে বিয়লি ৪.৩০ বজাত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব প্ৰখ্যাত সংগীত শিল্পী গৰাকীৰ।

Your Comments