ওড়িশাৰ কটকত অহা ২১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা । অসম ফুটবল সন্থাই এই প্ৰতিযোগিতাখনিৰ বাবে ৰাজ্যৰ ২০জনীয়া দলটি ঘোষণা কৰিছে ।
ঘোষণা কৰা দলটো হৈছে- গ'লৰক্ষক : অঞ্জনা শইকীয়া, স্বাদমছি বড়ো, ডিফেণ্ডাৰ : কণিকা ব্ৰহ্ম, ছাবিনা কিছপোট্টা, ভবানী কুমাৰ, মুনমী বৰুৱা, সীমা বড়ো, ফুমা নাৰ্জাৰী, নীলম দাস; মিড ফিল্ডাৰ : মৃণালী বৰা, সঞ্জলী কেমপ্ৰাই, ছোনিয়া মাৰাক, প্ৰণীতা টায়ে; ফৰৱাৰ্ড : মীনা বসুমতাৰী, সুনীতা বসুমতাৰী, ডৰথী ওৰিয়া, মৃদুলা মেছ, মীৰা মুণ্ডা, মেঘাস্মিতা ক্ৰ'পী আৰু ৰশ্মিতা হাজৰিকা ।
উল্লেখ্য যে অসমৰ দলটি 'জি গ্ৰুপ'ত থাকিব আৰু ২১ ছেপ্টেম্বৰত কেৰালা, ২৩ ছেপ্টেম্বৰত বিহাৰ আৰু ২৫ ছেপ্টেম্বৰত পঞ্জাবৰ বিৰুদ্ধে খেলিব । দলটিত নাজিৰাৰ মিণ্টু বৰগোঁহাই প্ৰশিক্ষকৰূপে আৰু যোৰহাটৰ বিনা কৰ্মকাৰ মেনেজাৰৰূপে থাকিব ।
- Log in to post comments
- 6 views