কেন্দ্ৰীয় বাজেটত শিক্ষাৰ ক্ষেত্ৰখনলৈ এক লাখ কোটি টকাতকৈও অধিক আবণ্টন দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে

A

 

নিউজ ডেস্ক: 

২০২২-২৩ বৰ্ষৰ বাজেটত শিক্ষাৰ ক্ষেত্ৰত ১,০৪,২৭৭,৭২ কোটি টকা আবণ্টন দিয়াৰ সিন্ধান্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,অসম প্ৰদেশে আদৰণি জনাইছে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা,পৰিবহণ ব্যৱস্থা ,সামাজিক সুৰক্ষা, মহিলা সুৰক্ষা আদিৰ লগতে বিভিন্ন  জাতি-জনজাতিৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় বাজেটত যি ঘোষণা  কৰা হৈছে সেই  ঘোষণা তথা সিদ্ধান্তই ভাৰতৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। 
উল্লেখ্য যে ,এই কেন্দ্ৰীয় বাজেটখনক আদৰণি জনাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা নিধি ত্ৰিপাঠীয়ে নিজৰ মন্তব্য প্ৰদানেৰে কয়  যে-"বৰ্তমান সময়ত দেশৰ পৰিস্থিতি  তথা ক'ৰণাৰ আতংকৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে শিক্ষা,স্বাস্থ্য, আদিৰ ওপৰত ভিত্তি কৰি যি বাজেট আবণ্টন কৰিছে ,সেই বাজেটে নিশ্চিতৰূপত ভাৰতৰ বিকাশ তথা অগ্ৰসৰত সহায় কৰিব। শিক্ষা ক্ষেত্ৰত যি আবণ্টন্ গ্ৰহণ কৰিছে সেই আবণ্টনক্ ছাত্ৰ সমাজে সহৃদয়েৰে আদৰণি জনাইছে । উচ্চ শিক্ষাৰ ৫০০০ কোটি  অথবা বিদ্যালয় শিক্ষাৰ বাবে ৯০০০ কোটিয়ে  নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ৰিয়াবৰ্তনক গতি প্ৰদান কৰিব। বিশেষ ৰূপত কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে পূৰ্ব বৰ্ষৰ তুলনাত অধিক আবণ্টন্ ২০০০ কোটিয়ে  দেশৰ শিক্ষা ব্যৱস্থাক সুদৃঢ় কৰি তুলিব ।"

Your Comments