একশৰণ ভাগৱতী সমাজ, অসমৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰবৰী গাঁও শাখাৰ আতিথ্যত মঙলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক জন্মোৎসৱৰ আজি সামৰণি পৰে ।
কালি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত প্ৰাত:প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, প্ৰাৰ্থনা সভাৰ পিছতে দিনৰ ১১ বজাৰ পৰা গুৰুজনাৰ কৃষ্টিৰাজিৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
আনহাতে, আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত প্ৰাত:প্ৰসংগ, ভাগৱত শোভাযাত্ৰা, সামূহিক নাম-প্ৰসংগৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা সতী ৰাধিকা আইমাতৃ সেৱা সমাজৰ দিহানাম প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয় ।
আঞ্চলিক সমিতিৰ সভাপতি কেশৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধনী ভাষণ প্ৰদান কৰে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সম্পাদক দিপান্ত কাকতিয়ে । ভাষণ প্ৰসংগত সাংবাদিকগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আগতে প্ৰতিগৰাকী অসমীয়াই প্ৰথমে নিজ হৃদয়ত প্ৰতিষ্ঠা কৰাৰ কথা কথা উল্লেখ কৰে ।
আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বীৰেন কুমাৰ দাস আৰু সহকাৰী সাধাৰণ সম্পাদক লক্ষীকান্ত দাসে আঁতধৰা সভাখনত 'শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শন আৰু বৰ্তমান সমাজ ব্যৱস্থা' শীৰ্ষক বিষয়ৰ ওপৰত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ গৌতম কাকতিয়ে,
'শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনত স্বাস্থ্য সুৰক্ষা আৰু বাদ্যযন্ত্ৰৰ প্ৰয়োগ' শীৰ্ষক বিষয়ৰ ওপৰত জ্যেষ্ঠ চিকিৎসক ডাঃ অতুল খাউণ্ডে আৰু 'নাৰী আৰু যুৱ সবলীকৰণত শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা' শীৰ্ষক নিৰ্বাচিত বিষয়ৰ ওপৰত সদৌ অসম তৰুণ বিদ্যাৰ্থী পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ভদ্ৰেশ্বৰ দাসে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।
সভাখনৰ মাজে মাজে অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাখনত মুঠ ১৫টা দলে অংশগ্ৰহণ কৰে । ৰাতিলৈ বৰবৰী গাঁও শাখাৰ ব্যৱস্থাপনাত "চন্দ্ৰসেনৰ ধৰ্ম পৰীক্ষা হিৰিম্বাসুৰ বধ" ভাওনা প্ৰৰিবেশন কৰে ৷
- Log in to post comments
- 72 views