চৰাইদেউ নাহৰতলিত এজেপিৰ মে ডাম মে ফি: সাম্প্ৰদায়িকতাবাদ আহোম ঐতিহ্য-পৰম্পৰাৰ পৰিপন্থী: লুৰীণ

A

নিউজ ডেস্ক:

অসম জাতীয় পৰিষদে আজি চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ নাহৰতলি ম'ডাম ফুকন ক্ষেত্ৰত কেন্দ্ৰীয় ভাৱে মেডাম মে ফি উৎযাপন কৰে৷  এজেপি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা নিজখালৈঘোগুৰা আৰু ডবা আঞ্চলিক সমিতিৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বীৰেন বৰুৱাই৷মৈদাম তৰ্পন কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে৷ আহোম জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি উপৰিপুৰুষৰ স্মৃতিত মাংগলিক অনুষ্ঠানৰ অন্তত জনগোষ্ঠীয় নৃত্য আদি প্ৰদৰ্শন কৰা হয়।মে-ডাম-মে-ফি মুকলি সভাত দলৰ সভাপতি লুৰীনে আহোম স্বৰ্গদেউ চুকাফাই বৰ অসমৰ ভেটি প্ৰতিষ্ঠাৰে অসমীয়া জাতিক এক জাকত জিলিকা জাতি হিচাপে প্ৰতিষ্ঠাত কেনেদৰে গুৰি ধৰিছিল সেই কথা স্মৰণ কৰি কয় যে আহোম স্বৰ্গদেউসকলে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আপোন কৰি এখন বহল সমাজ গঢ়ি গৈছিল যাৰ পৰম্পৰা আজিও অব্যাহত আছে৷ কিন্তু মোগলে যি দিল্লীৰ পৰা বহি অসম দখল কৰিবলৈ কূট-কৌশল ৰচনা কৰিছিল, আজিও সেই দিল্লীৰ মচনদত বহি থকাসকলে অসমৰ মানুহক ধৰ্ম-বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰি অসমৰ ওপৰত মোগলৰ আৰ্হিতে প্ৰভূত্ব খটুৱাই থাকিব বিচাৰিছে৷এই প্ৰয়াস আহোম স্বৰ্গদেউসকলৰ সপোন আৰু অসমীয়া জাতিৰ ঐতিহাসিক পৰম্পৰাৰ পৰিপন্থী৷এনে প্ৰয়াসক বাধা দিব পাৰিলেহে আহোম ৰাজশাসনৰ ঐতিহ্যক শ্ৰদ্ধা সহকাৰে আগবঢ়াই নিব পৰা হ'ব৷অসমত সাম্প্ৰদায়িক আৰু দিল্লীৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ অধীন কৰি পেলালে আহোম স্বৰ্গদেউসকলৰ আত্মাৰ প্ৰতি অন্যায় কৰা হ'ব বুলি গগৈয়ে মত প্ৰকাশ কৰে৷

Your Comments