আজি পবিত্ৰ মে-ডাম-মে-ফি; ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন

A

নিউজ ডেস্ক:


অসমৰ অন্যতম জনগোষ্ঠী টাই-আহোমসকলৰ আজি পবিত্ৰ মে-ডাম-মে-ফি।জনগোষ্ঠীটোৱে উপৰিপুৰুষক সুঁৱৰিবলৈ প্ৰত্যেক বছৰে আজিৰ দিনটোতে উদযাপন কৰে এই পূজা।

বৰ অসমৰ ভেঁটি নিৰ্মানৰ বাবে সাতৰাজ মাৰি এক ৰাজ কৰা বৃহৎ জনগোষ্ঠীটোৱে পালন কৰা এই মে ডাম মে ফিৰ জৰিয়তে বিশ্বশান্তি কামনা কৰা হয়।পূৰ্ব পুৰুষক পূজা কৰি সকলোৱে মংগল বিচাৰে এই  পবিত্ৰ দিনটোত।

টাই ভাষাৰ মে-ডাম-মে-ফিৰ অৰ্থ হ'ল 'মে' মানে তৰ্পন 'ডাম' মানে মৃতক 'ফি' মানে মৃতকৰ দেও।উল্লেখ্য যে সম্পূৰ্ন আহোম জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতিৰে এই দিনটো পালন কৰা হয়।

Your Comments