আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যাক জন্মজয়ন্তী | হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ | লংকাতো খোল প্ৰসংগ, নাম প্ৰসংগ আৰু ভাগৱত ভ্ৰমণেৰে ভক্তপ্ৰাণ ৰাইজে উদ্যাপন কৰে গুৰুজনাৰ জন্মজয়ন্তী |
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭০সংখ্যাক জন্মজয়ন্তীত পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ |
গুৰুজনাৰ শ্ৰীচৰণত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ | ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে লংকাতো উলাহ-মালহেৰে উদ্যাপন কৰা হৈছে মহাপুৰুষজনাৰ জন্মজয়ন্তী |
বিশেষকৈ লংকাৰ কামপুৰীয়া গাঁও বৰনামঘৰ আৰু বৈকুণ্ঠ গাঁও নামঘৰত পুৱাৰে পৰাই খোল প্ৰসংগ, নামপ্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰা হয় |
তদুপৰি, ভাগৱত ভ্ৰমণৰ সময়ছোৱাত গাঁও দুখনৰ প্ৰতিজন লোকে ধূপ, দীপ, নৈবদ্য আগবঢ়াই সেৱা লোৱাৰ লগতে আই মাতৃ আৰু বৈষ্ণৱসকলৰ কণ্ঠৰে নিগৰিত হৰিনামৰ অমিয়া সুৰে বাট-পথ সকলো মুখৰিত কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে ৷
- Log in to post comments
- 4 views