ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ প্ৰাক্মুহূৰ্তত আজি পৰিষদৰ জিলা সাধাৰণ সম্পাদক দিলীপ সিঙে পদত্যাগ কৰে ।
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত পৰিষদৰ জিলা সাধাৰণ সম্পাদক দিলীপ সিঙে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদত ঘূণে ধৰা বুলি অভিযোগ উত্থাপন কৰিছে ।
২০১৪ চনত নাহৰকটীয়াত অনুষ্ঠিত জিলা কৰ্মচাৰী পৰিষদৰ অধিশেনত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা দিলীপ সিঙৰ পদত্যাগৰ পিছতে কৰ্মচাৰী পৰিষদত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ।
সদৌ অসম কৰ্মচাৰী পৰিষদৰো তিনিটা কাৰ্যকালৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা দিলীপ সিং বৰ্তমান অ'বিবি শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ।
আজি তেওঁ সংবাদমেলত কয় যে মোৰ জীৱনলৈ প্ৰচণ্ড ভাবুকি আহিছে । আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদকে জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে সদ্য পদত্যাগী পৰিষদৰ নেতা দিলীপ সিঙে ।
সংবাদমেলত সিঙে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদখন সৎ আৰু নিকা ব্যক্তিক লৈ গঠন কৰিবলৈ আহ্বান জনায় । ইপিনে সিঙে আজি তেওঁৰ পদত্যাগ-পত্ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে সিঙে সদৌ অসম অ'বিবি শিক্ষক সন্থাৰ হৈ কৰ্মচাৰী পৰিষদক প্ৰতিনিধিত্ব কৰি আছিল ।
ইয়াৰ লগে লগে আজি তেওঁ পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 12 views