জ্যেষ্ঠ সাংবাদিক কামাল খানৰ দেহাৱসান

A


নিউজ ডেস্ক:
যোৱা তিনিটা দশক ধৰি দেশৰ সংবাদ সেৱাত ব্ৰতী হৈ থকা কামাল খানে শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ।
উল্লেখ্য যে ,ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ND TVৰ হৈ কাম কৰা উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ সাংবাদিক কামাল খান হৃদৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সাংবাদিকগৰাকীক।
উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদীকগৰাকীয়ে যোৱা তিনিটা দশক ধৰি সংবাদ সেৱাৰ সৈতে জড়িত হৈ আছিল। এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লক্ষ্ণৌৰ বাটলাৰ পেলেছৰ চৰকাৰী বাংলোত দেহাৱসান ঘটাৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে দেশৰ সংবাদ ক্ষেত্ৰখনক।



Your Comments