পশ্চিমবংগত দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

A




নিউজ ডেস্ক : 
পশ্চিমবংগৰ দমহানিত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী-বিকানে এক্সপ্ৰেছ ৷ উল্লেখ্য যে গুৱাহাটী অভিমুখে আহি আছিল ১৫৬৩৩ নম্বৰৰ এক্সপ্ৰেছ খন৷ প্ৰাপ্ত খবৰ অনুসৰি, ১২টাকৈ ডবা লাইনচ্যুত হৈছে ৰেলগাড়ীখনৰ ৷ ইতিমধ্যে ডি আৰ এম আৰু এ ডি এম উদ্ধাৰৰ বাবে উপস্থিত হৈছে দুৰ্ঘটনাস্থলীত ৷
বৰ্তমানলৈকে পোৱা খবৰ অনুসৰি তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক এতিয়াও পৰি আছে দুৰ্ঘটনাস্হলীত ৷ ইতিমধ্যে উচ্চ পৰ্যায়ৰ ৰেল সুৰক্ষা তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷উল্লেখ্য যে , ভাৰতীয় ৰেলৱে মুকলি কৰি দিছে ০৩৬১২৭৩১৬২২ আৰু ০৩৬১২৭৩১৬২৩ ৰ দুটা হেল্প লাইন নম্বৰ ৷ 

Your Comments