প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জন্মদিন: গুৱাহাটীত ৰাজ্যিক বিজেপিৰ বাইক ৰেলী

A

নিউজ ডেস্ক:

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত পালন কৰা হয় 'সু-শাসন দিৱস'।দেশৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিয়ে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত উদযাপন কৰে সু-শাসন দিৱসৰ কাৰ্যসূচী।বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা প্ৰমুখ্যে বিজেপিৰ শীর্ষ নেতা সকল উপস্থিত থাকে।কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আদৰ্শৰে দলৰ কাৰ্যকৰ্তা সকলক আগবাঢ়ি যোৱাৰ আহ্বান জনায়।লগতে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱন আৰু কৰ্ম পদ্ধতিৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে।

সু-শাসন দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা যুৱ-মৰ্চাই মটৰ চাইকেল ৰেলী উলিয়ায়।ৰেলিত অংশগ্ৰহণ কৰে যুৱ মৰ্চা সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই।

প্রধানমন্ত্ৰী গৰাকীৰ সোঁৱৰণত উক্ত অনুষ্ঠানতে চিত্ৰাংকন,কবিতা পাঠ আদি প্ৰতিযোগিতা আয়োজন কৰে।

Your Comments