ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা সততে দাবী কৰি অহাৰ সময়তে তেওঁৰ খোদ মাজুলী সমষ্টিৰ দক্ষিণ আহতগুৰিত ৰূপায়ণ কৰা ৫৫ লাখ ধনৰ ধোদাং উজীৰআটী-কৰৈগুৰি সংযোগী দলঙৰ আঁচনি অনিয়মেৰে নিৰ্মাণ কৰাৰ ফলত মাত্ৰ ৮ মাহতে দলঙৰ দুয়ো এপ্ৰোচ খহি পৰিছে । বৃহত্তৰ পূব ব্ৰহ্মপুত্ৰ আৰু মাজুলী আহতগুৰিৰ কুৰিৰো অধিক চৰ অঞ্চলৰ অন্যতম সংযোগী পথচোৱাৰ দলংখন প্ৰথমটো পোনপটীয়া যাতায়ত যোগাযোগৰ ব্যৱস্থা হিচাপে পৰিগণিত হৈছিল ।
প্ৰায় ৫৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখনৰ দুই মূৰে প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱাত বিপদসংকুলভাৱে কোনোপধ্যে দৈনিক ছাত্ৰ-ছাত্ৰী পাৰ হ'ব লগা হৈছে । এজাক বৰষুণতে চকলা চকলে খহি পৰিছে দলংখনৰ সংযোগী অংশ । ইফালে নৱ নিৰ্মিত ধোদাং কৰৈগুৰি সংযোগী মূল পথচোৱাৰ শেহতীয়াকৈ হোৱা ভদীয়া বানৰ বাবে ঠাইয়ে ঠাইয়ে খহি পৰাৰ ফলত যাত্ৰীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সমষ্টিৰ মূল ভূ-ভাগৰ পৰা বিছিন্ন দক্ষিণ আহতগুৰিৰ প্ৰায়বোৰ উন্নয়নমূলক কামতে ব্যাপক দুৰ্নীতি যে সংঘটিত হৈছে ই নিঃসন্দেহে সত্য বুলি প্ৰমাণিত হৈছে । গড়কাপ্তানী বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনত ঠিকাদাৰ জনৈক বৰুৱাই নিৰ্মাণ কৰা দলঙৰ আজিৰ দুৰাৱস্থাৰ বাবে নিম্নমানৰ কাঠ ব্যৱহাৰ, প্ৰাককলন অনুসৰি আঁচনি নিৰ্মাণ নকৰি মধ্যভোগীৰ লগত মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ উখাপন কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক নাকী লগাবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ।
ইফালে নিৰ্মাণ সম্পূৰ্ণ কৰা চাৰিটা বছৰৰ পিছতো ৩০ খন বিচনাযুক্ত ধোদাং চিকিৎসালয়খন কার্যক্ষম হৈ নুঠাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সমগ্ৰ দক্ষিণ আহতগুৰিবাসীয়ে । বাৰিষাৰ পূৰ্বে দক্ষিণ আহতগুৰিত জিলা প্ৰশাসনে "জন প্ৰশাসন"ৰ কাৰ্যসূচী গ্ৰহণৰ সময়ত বিষয়টো অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্হা গ্ৰহণ নকৰিলে । ইফালে ধোদাং-বাহিৰ ৰৌমৰা সংযোগী অসম্পূৰ্ণ দলংখনৰ কামো শীঘ্ৰে সম্পূৰ্ণ কৰাৰো আহ্বান জনাইছে সচেতন ৰাইজে । ইয়াৰ ব্যতিৰেকে ভুক্তভোগী ৰাইজে আন্দোলনৰ পথ গ্ৰহণ কৰাৰ হুংকাৰ দিছে ।
ইপিনে মাজুলীৰ দক্ষিণ আহতগুৰি আৰু দেৰগাঁৱৰ সীমান্ত অঞ্চল নতুন চাপৰি গাওঁ নিবাসী প্ৰসূতি মহিলা দিপালী বৰাক বিধ্বস্ত যাতায়ত ব্যৱস্থা তথা ১০৮ সেৱা অভাৱৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুই কিলো'মিটাৰ দৈৰ্ঘৰ পথত ঠেলাৰে আৰু বাকী অংশত ব্যক্তিগত গাড়ীৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । ১৭ ছেপ্টেম্বৰৰ নিশাত প্ৰসূতি মহিলাগৰাকী পেটৰ বিষত চটফটাই আছিল যদিও বিধ্বস্ত যাতায়তৰ বাবে সংকটজনক অৱস্থাত পুৱতি নিয়া হয় । বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন পৰ্যবেক্ষন কক্ষত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 12 views