অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং জকাই পদূলিত "সংস্কৃতিক কেন্দ্ৰ"ৰ উদ্যোগত অনুষ্ঠিত মাহ জোৰামেচ-কছাৰী সংগীত-নৃত্য আৰু নাট কৰ্মশালা আনুষ্ঠানিকভাৱে সামৰণি পৰে ৷ নাগালেণ্ডৰ পাদদেশত আৱস্থিত প্ৰাথমিক বিদ্যালয়ৰ চৌহদত মেচ-কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ কৃষ্ণকান্ত মেচৰ সভাপতিত্বত অনুষ্ঠিত সামৰণী অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰাধান শিক্ষয়িত্ৰী ৰুমী মেচে ৷ অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা তথা বিশিষ্ট গায়িকা মঞ্জু মেচে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাইজক আদৰণি জনায় ৷
সীমান্তৱৰ্তী এলেকাটোৰ প্ৰতিভাৱান শিশুসকলক উৎসাহ দিয়াৰ লগতে এটা সাংস্কৃতিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাৰ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়া, সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ সভাপতি পোনাৰাম মিলি, উপ-সভাপতি ডেম্বিৰাম পাংপিং, সদৌ অসম সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক আব্দুল গফুৰ আহমদ, মজদুৰ গাড়ীগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা দোলাকাষৰীয়া অজিত বাইলুং, মেচ-কছাৰী মহিলা উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদিকা ৰুবী মেচ, কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আমিন মেচ আৰু এন এইচ ডিৰ প্ৰশিক্ষক পলাশ মেচে অগতানুগতিক অনুষ্ঠানটো আৰু অৱহেলীত অঞ্চলটোৰ মানৱ সম্পদ গঢ় দিয়াৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷
মাহজোৰাকৈ আয়োজন কৰা মেচ-কছাৰী কৰ্মশালাখনত মেচ-কছাৰীৰ লোকগীতৰ জাকৈ নৃত্য, বৈশাঙী নৃত্য, মাগন নৃত্য, চিলা শালি, বেৰেংপাতি, নেউল নৃত্য, বীৰগৌশ্ৰী, কৰতাল নৃত্য, দেওধ্বনী নৃত্য, ধেমেলীয়া নৃত্য, আৰু নাটৰ প্ৰশিক্ষণ দিয়া হয় ৷ সামৰণি অনুষ্ঠানটোত ডেৰ শতাধিক শিশুৱে মেচ-কছাৰীৰ লোকগীত, নৃত্য আৰু নাট প্ৰদৰ্শনে উপস্থিতি ৰাইজৰ মন মুহিবলৈ সক্ষম হয়
- Log in to post comments
- 100 views