অভয়াপুৰীৰ সমীপৱৰ্তী হুৰামাৰা প্ৰথম খণ্ডত বিগত বৰ্ষত অনাময় আঁচনিৰ অধীনত ১০৫জন হিতাধিকাৰীৰ বিপৰীতে আবণ্টিত শৌচাগাৰ আজিও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল । ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত মিছনে হুৰামাৰা গাঁৱক ঢুকি নোপোৱাৰ অভিযোগ গঞা ৰাইজৰ ।
কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনস্থ 'স্বচ্ছতাই সেৱা' কাৰ্যসূচী ১৫ ছেপ্টম্বৰৰ পৰা ২ অক্টোবৰলৈ অব্যাহত থাকিব বুলি চৰকাৰখনে যিমানেই ঢাক-ঢোল নবজাওক কিয়, প্ৰায়সংখ্যক গাঁৱতে এই অভিযান যে ব্যৰ্থ হৈছে আৰু এইসমূহ আঁচনিৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ যে উপকৃত হোৱা নাই বৰঞ্চ একাংশ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰহে পকেট গৰম হৈছে সেয়া হুৰামাৰা গাঁওখনেই প্ৰমাণ ।
চক্ৰভৌম পঞ্চায়তৰ অন্তৰ্গত হুৰামাৰা প্ৰথম খণ্ডত জনস্বাস্থ্য কাৰিকৰী, বঙাইগাঁও সংমণ্ডলৰ অধীনত ২০১৭ বৰ্ষতে গাঁওখনৰ ১০৫ হিতাধিকাৰীৰ নামত আবণ্টিত হৈছিল শৌচাগাৰ ।
আবণ্টনৰ পিছতেই বিভাগীয়ভাৱে নিয়োজিত ঠিকাদাৰে শৌচালয়সমূহৰ কামো আৰম্ভ কৰে যদিও সামান্য কাম কৰাৰ পিছতেই বন্ধ হৈ পৰে নিৰ্মাণকাৰ্য । ৰহস্যজনক কাৰণত নিৰ্মাণকাৰ্য বন্ধ হোৱাত আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল শৌচাগাৰকেইটা ।
ফলত এতিয়াও মুকলি পথাৰত অথবা জংঘলতেই মলত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছে গঞা ৰাইজে । অকল এয়াই নহয়, বঙাইগাঁও জিলাৰ আন বহু অঞ্চলতো চৰকাৰী অনাময় আঁচনিৰ শৌচালয় অৰ্ধনিৰ্মিত অথবা নিৰ্মাণ আৰম্ভ নোহোৱাকৈ থকাৰ অভিযোগ আছে ।
তৎসত্ত্বেও আশ্চৰ্যজনকভাৱে দেশৰ পূৰ্ণ অনাময় ব্যৱস্থা থকা জিলাৰ তালিকাত বঙাইগাঁও জিলাই স্থান লাভ কৰা কথাটোৱে চৰকাৰৰ এই আঁচনিখন যে ভেঁকো-ভাওনাহে তাকেই প্ৰতিপন্ন কৰিছে ।
- Log in to post comments
- 16 views