নিউজ ডেস্ক:
ঢেঁকী অসমীয়াৰ এক আবেগ । অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে । অসমীয়াৰ লগতে বিভিন্ন জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। গুৰুত্বপূৰ্ণ কথা এই যে , নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ দুই ছাত্ৰই অসমীয়াৰ পৰম্পৰাগত ঢেঁকীক আধুনিকীকৰণ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে ,নাহৰকটীয়াৰ চাচনীৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে ২৯ সংখ্যাক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় "বহনক্ষম জীৱনৰ বাবে বিজ্ঞান"ৰ ওপৰতে "অসমৰ পৰম্পৰাগত ঢেঁকীৰ কায্যৰ্ক্ষমতা আৰু উন্নতি সাধন" নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰি ঢেঁকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা দলৰ ভিতৰত নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হৈছে ।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,মেধাৱী ছাত্ৰ দুজনে দুখন চ'লাৰ প্লেট ,বেটাৰী আৰু মটৰ আদি ব্যৱহাৰ কৰি ঢেঁকীক আধুনিকীকৰণ কৰিবলৈ চেষ্টা কৰে। ঢেঁকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি আধুনিক ঢেঁকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে ছাত্ৰ দুজনে । ঢেঁকীৰ আধুনিকীকৰণৰ এই আৰ্হিক যদি সফল ৰূপ দিব পাৰে, তেন্তে এই ঢেঁকীৰ দ্বাৰা ঘণ্টাত পাঁচৰ পৰা দহ কেজি পৰ্য্যন্ত চাউল, চিৰা আদি খুন্দি উলিয়াই যথেষ্ট সময় ৰাহি কৰিব পৰা যাব বুলি ছাত্ৰ দুজনে জানিবলৈ দিয়ে ।
- Log in to post comments
- 11 views