নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ফাকলিপথাৰ গাঁৱত ৫-৬জনীয়া এটা দুৰ্বৃত্তৰ দলে এগৰাকী ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে, স্থানীয় শিমলুআটি গাঁৱৰ শ্বহিদুল ইছলাম নামৰ ব্যৱসায়ীজন মটৰচাইকেলৰে দেওবাৰে নিশা আঠমান বজাত শিঙীয়াৰ এজন আত্মীয়ৰ ঘৰৰ পৰা ঘৰলৈ ওভতাৰ পথত ফাকলিপথাৰত দুৰ্বৃত্তৰ দলটোৱে আগচি ধৰি ব্যৱসায়ীজনক খুকুৰি, লাঠি আদিৰে মাৰপিট কৰে ।
উপৰ্যুপৰি কৰা এনে আক্ৰমণত মৰণকাতৰ চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে আহি ব্যৱসায়ীজনক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে । চৌদিশৰ পৰা গাঁওবাসী ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকে লৈ অহা দুখন বাহন এৰি থৈ আন্ধাৰৰ সুযোগত পলাই যাবলৈ সক্ষম হয় ।
সম্প্ৰতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বহিদুল ইছলাম নগাঁও ভোগেশ্বৰী ফুকননী অসামাৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে ঘটনা সন্দৰ্ভত ভুক্তভোগী শ্বহিদুলৰ পুত্ৰ এমদাদুল ইছলামে সোমবাৰে ছয়জন লোকক অভিযুক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা দুখন গাড়ী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে যদিও অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ৰহস্যজনক কাৰণত তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে ।
স্থানীয় এক সূত্ৰে জনা মতে, আক্ৰমণৰ বলি হোৱা শ্বহিদুল ইছলামৰ লগত দুৰ্বৃত্তৰ দলটোৰ সৈতে দীৰ্ঘদিনীয়া এক ব্যৱসায়কেন্দ্ৰিক সংঘাত আছিল ।
যাৰবাবে প্ৰতিশোধ পৰায়ণ হৈ শ্বহিদুলক সেইদিনা দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল ।
- Log in to post comments
- 5 views