গুৱাহাটীৰ আকাশত বায়ুসেনা যুদ্ধ বিমানৰ আখৰা কিয়, পঢ়ক

A

নিউজ ডেস্ক:

ভাৰত-পাকিস্তানৰ ১৯৭১চনৰ যুদ্ধৰ  ৫০বছৰীয়া গৌৰৱময় বিজয়পূৰ্তি উপলক্ষে ভাৰতীয় বায়ু সেনাৰ মেঘালয় শ্বিলঙস্থিত ইষ্টাৰ্ণ এয়াৰ কামাণ্ডে গুৱাহাটীৰ মাছখোৱা লাচিতঘাটত১২ ডিচেম্বৰত প্ৰদৰ্শন কৰিব যুদ্ধবিমানৰ বৃহৎ কুচকাৱাজ ।পুৱা ১০বজাৰ পৰা ১১বজালৈ এঘণ্টাৰ বাবে অনুষ্ঠিত হ'বলগীয়া কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।

বিশেষ প্ৰদৰ্শনীত বায়ুসেনাৰ যুদ্ধ বিমানৰ কুচকাৱাজৰ মুখ আকৰ্ষণ হ'ব ভাৰতীয় বায়ু সেনাৰ অলংকাৰ স্বৰূপ সূৰ্যকিৰণ বিমান।এছ ইউ- ৩০এম কে আই যুঁজাৰু বিমান, এম আই-১৭ আৰু এম আই বি এছ-১৭ শ্ৰেণীৰ অত্যাধিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হেলিকাপ্তাৰ।

ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এক সূত্ৰই- সদৰি কৰা অনুসৰি কুচকাৱাজত প্ৰায় ১৪খন সূৰ্যকিৰণ যুদ্ধ বিমান , ২খন এছ ইউ-৩০এম কে আই যুদ্ধ বিমান বহুকেইখন হেলিকপ্তাৰে এই প্ৰদৰ্শনী ভাগ লব।

উল্লেখ্য যে আকাশৰ নিম্ন উচ্চতাৰে উৰণ কৰিব লগীয়া যুদ্ধ বিমান দুখন তেজপুৰৰ বায়ু সেনা ঘাটিৰ পৰা আৰু সূৰ্যকিৰণ যুদ্ধ বিমানৰ লগতে হেলিকপ্তাৰ সমূহ বৰঝাৰৰ বায়ু সেনাৰ ঘাঁটিৰ পৰা উৰা মাৰিব  বুলিও সূত্ৰটোৱে জানিব দিয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে , বিশেষ প্ৰদৰ্শনৰ বাবে বিগত তিনি-চাৰিদিন ধৰি বৰঝাৰৰ বায়ু সেনাৰ ঘাঁটিৰ পৰা মাছখোৱাত কুচকাৱাজ তথা প্ৰদৰ্শনৰ বাবে সূৰ্যকিৰণ বিমান গুৱাহাটীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত আখৰা সম্পন্ন কৰিছে। একেদৰে তেজপুৰ বায়ু সেনা ঘাঁটি পৰা এছ ইউ-৩০এম কে আই বিমানে আখৰা অব্যাহত ৰাখিছে।

আগন্তুক দিনকেইটা গুৱাহাটীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলবাসীয়ে প্ৰদৰ্শনৰ আখৰাৰ সময়ত যুদ্ধ বিমানৰ প্ৰচণ্ড শব্দ শুনিবলৈ পাব। বায়ু সেনা ফালৰ পৰা প্ৰকাশ কৰা মতে -প্ৰধানত উঠি অহা নৱপ্ৰজন্ম   শিক্ষিত যুৱক-যুৱতী সকলে যাতে ভাৰতীয় বায়ুসেনাত যোগদান কৰা বাবে অনুপ্ৰেৰণা লাভ কৰে সেই উদ্দেশ্য আগত ৰাখিয়ে পাকিস্তান বিজয়ৰ ৫০বছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এনে কুচকাৱাজৰ আয়োজন কৰা হৈছে।

Your Comments