এক দেশ এক নীতি কথা কোৱা ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বলৈ সুকীয়া নীতি কিয়!- চিআইটিইউ

A

নিউজ ডেস্ক:

নাগালেণ্ডৰ বৰ্বৰ ঘটনাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা আৰু  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন  প্ৰত্যাহাৰৰ দাবীত মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ ৰটাৰী পইন্টতো প্ৰতিবাদ সাব্যস্ত কৰে চিআইটিইউয়ে।কলা আইন আস্ফাপা প্ৰত্যাহাৰৰ হাতে-হাতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদী সকলে।ইয়াৰ উপৰিও নাগালেণ্ডৰ ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদান কৰা, মৃত শ্ৰমিকৰ পৰিয়ালক  উপযুক্ত ক্ষতিপুৰণ প্ৰদানৰো দাবী জনায়।

প্ৰতিবাদ সাব্যস্ত কৰি চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয় -নাগালেণ্ডত ৪ ডিচেম্বৰৰ আবেলি ১৩জনকৈ নিৰিহ শ্ৰমিক সেনাই বৰ্বৰভাৱে গুলিয়াই হত্যা কৰা ঘটনা ফেচিবাদৰ ইংগিত বহন কৰিছে।

ঘৰলৈ উভতা শ্ৰমিকক উগ্ৰপন্থীৰ সন্দেহত গুলিয়াই হত্যা কৰিবলৈ  কুন্ঠাবোধ নকৰা সেনাৰ ক্ষমাৰ অযোগ্য- শৰ্মাই কয়।

আনহাতে, এক দেশ-এক নীতি কথা কৈ থকা বিজেপিয়ে কিয় উত্তৰ-পূর্বৰ বাবে সুকীয়া নীতি গ্ৰহণ কৰি কলা আইন জাপি থৈছে বুলিও প্ৰতিবাদস্থলী পৰা ভাৰত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে।

ইফালে প্ৰতিবাদস্থলীৰ পৰা এই আইন প্ৰত্যাহাৰৰদাবীত কামৰূপ মহানগৰ জিলা উপায়ুক্ত যোগে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Your Comments