তিনি কৃষি আইন বাতিল হ'ব নে! আজিৰে পৰা সংসদত শীতকালীন অধিৱেশন

A

নিউজ ডেস্ক:

আজিৰে পৰা সংসদত শীতকালিন অধিৱেশন।৩খনকৈ কৃষিৰ আইন বাতিল বিধেয়ক এই অধিৱেশনত উত্থাপন কৰিব মোডী চৰকাৰে।

উল্লেখ্য যে ২৩ডিচেম্বৰলৈ চলিব শীতকালীন অধিৱেশন।

গুৰুত্বপূৰ্ণ কথা এই যে ,দেশৰ কৃষকৰ এবছৰৰো অধিকসময় জোৰা আন্দোলনৰ ফলশ্ৰুতিত মোডী চৰকাৰ বাধ্য হৈছিল বিতৰ্কিত তিনিখনকৈ কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিবলৈ।সংসদৰ এই শীতকালীন অধিৱেশনতে কৃষি আইন তিনিখন বাতিলৰ বিধেয়ক উত্থাপন হ'ব বুলি ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে।

ইয়াৰ উপৰিও অধিৱেশনত অন্য ২৬খনকৈ গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Your Comments