বাংলাদেশত আৰক্ষীয়ে জব্দ কৰিছে ৭ কােটি ৩৫ লাখ টকা মূল্যৰ ভাৰতীয় জালনােট

A



নিউজ ডেস্ক:
ভাৰতৰ অৰ্থনীতিত ক্ষতিসাধন কৰিবলৈ চিৰবৈৰী পাকিস্তানে এইবাৰ ছপা কৰিছে নকল ভাৰতীয় টকা ।শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা এক অভিযানত এই কথা পোহৰলৈ আহে ।উল্লেখ্য যে বাংলাদেশত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৭ কােটি ৩৫ লাখ টকা মূল্যৰ ভাৰতীয় জালনােট। ঢাকাত উক্ত জালনােটসহ গ্ৰেপ্তাৰ কৰা হৈছে দুজন সৰবৰাহকাৰীক।আৰক্ষীয়ে দাবী কৰা অনুসৰি, উক্ত জালনােটখিনি পাকিস্তানত ছপা কৰি
শ্ৰীলংকা হৈ বাংলাদেশলৈ আমদানি কৰা ৯৫ বেগ মাৰ্বলৰ ভিতৰত লুকুৱাই অনা হৈছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভাৰতীয় জালনােট সৰবৰাহ কৰা এই চক্ৰটাে দেশখনত বিগত ১০ বছৰ ধৰি সক্ৰিয় হৈ আছিল।

Your Comments