মডেল ৰাজকন্যা বৰুৱাৰ পুনৰ জামিন নাকচ

A

নিউজ ডেস্ক:

কাৰাগাৰৰ বন্ধ কোঠৰীতে থাকিব লাগিব মডেল ৰাজকন্যা বৰুৱা।আজি কামৰূপ সত্ৰৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে সুৰাপায়ী মডেল ৰাজকন্যাৰ জামিন।উল্লেখ্য যে ,তাজ ভিভাণ্টাত জন্মদিনৰ পাৰ্টি খাই ঘূৰি অহা অৱস্থাত ২অক্টোবৰৰ নিশা প্ৰায় ১বজাত ৰুক্মিণীগাঁৱত পথ মেৰামতি কৰি থকা ৮জনকৈ শ্ৰমিকক মহতিয়াই নিছিল মডেল গৰাকীৰ বাহনে।সুৰাপান কৰি গাড়ী চলাই মডেল ৰাজকন্যাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটো।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত জোচেফ মাৰাক নামৰ শ্ৰমিক গৰাকীৰ কিছুদিন পূৰ্বে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছিল।

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত শ্ৰমিক জোচেফে হেৰুৱাইছিল দুয়োখন ভৰি।

আনহাতে, সমগ্ৰ ঘটনাৰ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে ন্যায়ালয়ত।

Your Comments

Related Articles