গণসংগ্ৰামৰ জৰিয়তে লক্ষ্যপ্ৰাপ্তি সম্ভৱ, কৃষক আন্দোলনে প্ৰমাণ কৰিলে: অজাপ

A

নিউজ ডেস্ক:
 গণসংগ্ৰামৰ জৰিয়তে যে মহাশক্তিধৰ কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ স্থিতি সলনি কৰিবলৈ বাধ্য কৰিব পাৰি, কৃষি আন্দোলনৰ সাফল্যই এই কথা প্ৰমাণ কৰিলে৷ - এই মত অসম জাতীয় পৰিষদৰ৷ দলৰ মতে, জনসাধাৰণৰ যিকোনো নায্য দাবী আৰু সেই দাবী সাব্যস্ত কৰিবলৈ জনতাই কৰা গণতান্ত্ৰিক আন্দোলনক নস্যাৎ কৰিবলৈ দমন-উৎপীড়ন চলোৱাৰ পৰা আৰম্ভ কৰি আন্দোলনকাৰীক অপযশ দিয়ালৈকে সকলো কূটকৌশল ৰচনা কৰাত সিদ্ধহস্ত বিজেপি দলৰ চৰকাৰে গণতান্ত্ৰিক গণআন্দোলনৰ ওচৰত শিৰ নত কৰিবলৈ বাধ্য হ’ল৷ এয়া ভাৰতীয় সংবিধান, গণতন্ত্ৰ আৰু দেশৰ সংগ্ৰামী জনতাৰ জয়৷ 

এক বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কৃষি আন্দোলনৰ সৈতে জড়িত সংগঠনসমূহ আৰু আন্দোলনকাৰী জনতাক অভিনন্দন জনাই কয়, “বিজেপিয়ে সদায় হয় কৰ্পোৰেটৰ স্বাৰ্থত নহ’লে তেওঁলোকৰ দলৰ ভোটবেংকৰ স্বাৰ্থত কাম কৰে৷ প্ৰথমে কৃষি আইন তিনিখন প্ৰণয়ন কৰিব বিচাৰিছিল কৰ্পোৰেটৰ স্বাৰ্থত৷ কিন্তু আন্দোলনকাৰী জনতাৰ ওচৰত সেও মানি আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে যদিও এই সিদ্ধান্ত আচলতে তেওঁলোৰ দলৰ স্বাৰ্থততহে গ্ৰহণ কৰিছে৷ কিয়নো অহা ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ অৱস্থা যে কাহিল হৈ পৰিছে, সেই কথা বিজেপি নেতৃত্বই উপলব্ধি কৰিছে৷ সেয়ে দলৰ নিৰ্বাচনী স্বাৰ্থ আগত ৰাখি তেওঁলোকে উক্ত সিদ্ধান্ত লৈছে ৷”

আনহাতে কৃষক আন্দোলনৰ ফলাফল অসমৰ কা’-বিৰোধী সংগ্ৰামৰ বাবে এক অনুপ্ৰেৰণা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসমত কা’ প্ৰয়োগৰ বিষয়টো গণসংগ্ৰামৰ ভয়ত চৰকাৰে ওলোমাই থৈছে যদিও যিকোনো মুহুৰ্তত আইনখন প্ৰয়োগ কৰিব পাৰে৷ সেয়ে আইনখন যাতে প্ৰত্যাহাৰ কৰে তাৰ দাবীৰে ৰাইজ পুনৰ ৰাজপথলৈ ওলাই অহাৰ প্ৰয়োজনীয়তা আছে৷গগৈ আৰু ভূঞাই লগতে কৃষি আইনৰ দৰে নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ কা’ বাতিল কৰিবলৈয়ো চৰকাৰক দাবী জনায়৷

Your Comments