ৰাজধানী চহৰ দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ ;২ দিনৰ লকডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

A



নিউজ ডেস্ক:
ৰাজধানী চহৰ দিল্লীত শেহতীয়াকৈ বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই তাৎক্ষণিকভাৱে দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি কয় যে প্ৰয়োজন হ’লে কঠোৰ পদক্ষেপ লওঁক। ২দিনৰ বাবে লকডাউন বা এনেধৰণৰ কিবা কৰক।
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৰাজধানী চহৰখনৰ বায়ু মণ্ডলৰ মান উন্নত কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও কয়। মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে 'আপোনালোকে আমাক কওঁক কি প্ৰক্ৰিয়াৰ দ্বাৰা air quality index লেভেলৰ মান উন্নত কৰিব পৰা যায়।'
মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে পৰিস্থিতিৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি কয়, "আমি ঘৰতো মাস্ক পিন্ধি থাকিব লগা অৱস্থা হৈছে। কিন্তু এই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। কেৱল খেতিয়ককেই ইয়াৰ বাবে দায়ী কৰিলে নহব বুলিও সৰ্তক কৰি দিয়ে উচ্চতম ন্যায়ালয়ে।"


Your Comments