নিউজ ডেস্ক:
নাৰী সৱলীকৰণৰ বাবে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক স্থাপন কৰি অসমৰ অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলৰ হকে কাম কৰা সমাজ সেৱিকা লখিমী বৰুৱাক ২০২১ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয় । সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত হোৱা এক অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে লখিমী বৰুৱাই ।অসমৰ অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলৰ সুবিধাৰ্থে কনকলতা বেংক নামেৰে এটা বেংক স্থাপন কৰি দীৰ্ঘদিনৰ পৰা সেৱা আগবঢ়াই আহিছে লখিমী বৰুৱাই ৷ যাৰ বাবে লখিমী বৰুৱালৈ ভাৰত চৰকাৰে আগবঢ়াইছে ২০২১ বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷এয়া অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।
- Log in to post comments
- 15 views