ভাৰতৰ বাবে সুখবৰ; ভাৰতীয় সেনাই অলিম্পিকত লাভ কৰিলে সোণৰ পদক ,পঢ়ি চাওক

A


নিউজ ডেস্ক:

ভাৰতীয় সেনাই সামৰিক অনুশীলনৰ অলিম্পিকত সোণৰ পদক লাভ কৰি দেশৰ গৌৰৱ বৃদ্ধি কৰে । ইউকেত অনুষ্ঠিত কেম্ব্ৰিয়ান পেট্ৰ'ল অনুশীলনত ভাৰতীয় সেনাই সোণৰ পদক জয় কৰে আৰু সমগ্ৰ বিশ্বৰ বিশেষ বাহিনী আৰু ৰেজিমেণ্টক প্ৰতিনিধিত্ব কৰা 96 টা দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি এই সু নাম কঢ়িয়াবলৈ সক্ষম হৈছে ।
ভাৰতীয় সেনাৰ 4/5 গোৰ্খা ৰাইফলছে (ফ্ৰণ্টিয়াৰ ফ'ৰ্চ) 13-15 অক্টোবৰলৈ ৱেলছৰ ব্ৰেকেনত অনুষ্ঠিত এক ড্ৰিলত দেশক প্ৰতিনিধিত্ব কৰিছিল। অনুষ্ঠানটোক মানুহৰ মনোবল আৰু দলীয় মনোভাৱৰ অন্তিম পৰীক্ষা বুলি গণ্য কৰা হয়। এই অনুশীলনক সামৰিক টহলৰ "অলিম্পিক" বুলি গণ্য কৰা হয়।
উল্লেখ্য যে ,বঁটা প্ৰদান অনুষ্ঠানত ব্ৰিটিছ সেনাৰ চিফ অফ জেনেৰেল মাৰ্ক কাৰ্লেটন-স্মিথ উপস্থিত থাকে আৰু ভাৰতীয় সেনা দলক সোণৰ পদক প্ৰদান কৰে।

Your Comments