দেশবাসীক দিপাৱলীৰ উপহাৰ: একেবাৰতে ২৬৫টকা বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰত

A

নিউজ ডেস্ক:
মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ ওপৰত আকৌ মাধমাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ।পুনৰ বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য।প্ৰতিটো ৰন্ধন  চিলিণ্ডাৰত সোমবাৰে বৃদ্ধি পালে ২৬৫টকা।ব্যৱসায়িক চিলিণ্ডাৰত প্ৰযোজ্য হ'ব এই নতুন মূল্য।

পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত দেশবাসীক মোডী চৰকাৰে প্ৰদান কৰা এইয়া হৈছে বৃহৎ উপহাৰ।

ইফালে আজি মূল্যবৃদ্ধিয়ে প্ৰতিটো ব্যৱসায়ীক গেছৰ চিলিণ্ডাৰৰ মূল্য দুহেজাৰ টকা অতিক্ৰম কৰিছে ।প্ৰত্যেক ৰাজ্যত প্ৰায় ২০০০টকাৰ আশে-পাশে অৱস্থান ব্যৱসায়ীক গেছ চিলিণ্ডাৰে।বিশেষকৈ নতুন দিল্লী, কলকাতা, চেন্নাই আদি ৰাজ্যত ২০০০টকাৰ সীমা অতিক্ৰম কৰিছে।

Your Comments