নিউজ ডেস্ক:
জামিন লাভ কৰিলে যদিও শনিবাৰেহে কাৰাগাৰৰ পৰা ঘৰলৈ উভতিব শ্বাহৰুখ তনয় । উল্লেখ্য যে, বৃহস্পতিবাৰে ড্ৰাগছ সংক্ৰান্তীয় গোচৰত আৰিয়ানক বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ।
যোৱা ৩ অক্টোবৰত এখন জাহাজত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰিয়ানক এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল। ৮ অক্টোবৰৰ পৰা মুম্বাইৰ আৰ্থাৰ ৰোড জেলতে কটাবলগীয়া হৈছিল আৰিয়ানে। আৰিয়ানৰ লগতে তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মডেল মুনমুন ধামেছাকো জামিন দিছে আদালতে। আজি আদালতে আনুষ্ঠানিকভাৱে এই নিৰ্দেশ প্ৰদান কৰিছে যদিও এতিয়ালৈকে নিৰ্দেশৰ প্ৰতিলিপি আৰিয়ানৰ অধিবক্তাই লাভ কৰা নাই। আদালতে সেই নিৰ্দেশৰ প্ৰতিলিপি কাৰাগাৰ কৰ্তৃৰক্ষলৈ প্ৰেৰণ কৰাৰ পাছতহে তেওঁলোকক কাৰাগাৰৰ পৰা ঘৰলৈ যাব দিয়া হ'ব।আনহাতে আৰিয়ানৰ জামিন পোৱাৰ পাছতে উল্লাসিত হৈ পৰে পিতৃ শ্বাহৰুখ । এই গোচৰত আৰিয়ানৰ অধিবক্তা আছিল দেশৰ প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহটগী।
- Log in to post comments
- 11 views