আলাবৈ ৰণে মহীয়ান কৰা দদৰা -পছৰীয়া আদি অঞ্চলকলৈ গৱেষণা হোৱা উচিত

A

 

গংগোত্ৰী কাশ্যপ:

সাংবাদিক তথা আইনৰ ছাত্ৰী(8638329861)

১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্টত কামৰূপ জিলাৰ পছৰীয়াত আলাবৈ পাহাৰৰ দাঁতিত হোৱা আহোম মোগলৰ সেই বিখ্যাত যুদ্ধখনৰ কথা প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে  ।আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত প্ৰায় ৪০,০০০ অসমীয়া সৈন্যই মোগলৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত লিপ্ত হৈছিল । মোগল সেনাপতি ৰামসিংহৰ নেতৃত্বত এক বিশাল সংখ্যক মোগল সৈন্যই আক্ৰমণৰ বাবে আগুৱাই আহে ।ইটাখুলিৰ ৰণত মোগলৰ পতন হৈছিল যদিও সকলোৱে অনুমান কৰিব পাৰিছিল যে অতি শীঘ্ৰে মোগলে গুৱাহাটী আক্ৰমণ কৰিব ।সেইবাবেই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ লাচিত বৰফুকনৰ তত্বাৱধানত আৰু উত্তৰ পাৰে আতন বুঢ়াগোঁহাইৰ  নেতৃত্বত গুৱাহাটীক কেন্দ্ৰ কৰি চক্ৰবেহু গঢ়ি তোলা হৈছিল।ৰাম সিংহৰ সৈন্যক নিৰীক্ষণ কৰিবলৈ বহুতো পালি বিষয়া নিযুক্তি দিয়া হৈছিল ।বৰফুকনৰ কুটনৈতিক কৌশলত উত্তেজিত হৈ ৰামসিংহই আহোম ৰজাক দন্দ্বযুদ্ধৰ প্ৰস্তাৱ দিয়ে ।তেওঁ পৰাজিত হলে মোগল সৈন্যৰ সতে তেওঁ সেই ঠাই পৰিত্যাগ কৰিব বুলিও প্ৰতিশ্ৰুতি  দিছিল ।মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা  বুজাবলৈ  বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াইছিল । প্ৰত্যুৎত্তৰত  বৰফুকনেও এচুঙা বালি পঠিয়াই কৈছিল যে "আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ'ব ।মই এচুঙা বালি পঠিয়াইছো আমাৰ সৈন্যৰ লক্ষণ এয়াই" ।কথাৰে বলে নোৱাৰি ৰামসিংহই যুদ্ধৰ  প্ৰস্তুতি চলায় ।তাৰ ফলত এখন ৰণ নিশ্চিত হৈ পৰে আৰু সেইখনেই বিখ্যাত "আলাবৈৰ ৰণ" ।
   আলাবৈৰ ৰণত একেদিনাই দহহাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ আঘাত পালে ।স্বৰ্গদেৱে বিচাৰ নকৰাকৈ ৰণ কৰিবলৈ দিয়া বাবেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হয় ।লাচিত বৰফুকনে  নিজৰ একোজন সৈন্যক একোটা হাতী বুলি জ্ঞান কৰিছিল ।আৰু তেনে দহহাজাৰ সৈন্যক একেলগে হেৰুৱাব লগা  হোৱাত সেই বতৰা স্বৰ্গদেউক দিব বিচাৰিছিল  যদিও সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোঁহায়ে  বাধা দি কয় যে, "বাৰীৰ ভিতৰৰ পুখুৰী সিচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে , ৰণ এখন হলে দুই চাৰিজন মানুহৰ মৃত্যু হোৱাটো স্বাভাবিক ।" প্ৰকৃতাৰ্থত এয়া আছিল শান্তনা বাণী ।

আলাবৈৰ ৰণত অসমীয়াৰ বিপৰ্যয়ৰ প্ৰধান কাৰণ আছিল যথোপযুক্ত পৰিকল্পনা তথা প্ৰস্তুতিৰ অভাৱ ।এখন যুদ্ধত জয়ী হবৰ বাবে যি সুনিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন আলাবৈৰ ৰণত তাৰ যথেষ্ট অভাৱ আছিল ।পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ কৰা মোগলৰ অশ্বাৰোহী সেনাক প্ৰতিহত কৰা ক্ষমতা সেই সময়ত অসমীয়া সৈন্যৰ নাছিল ।মধ্য যুগৰ অসমত পৰ্যাপ্ত পৰিমাণে হাতী পোৱা গৈছিল যদিও ঘোঁৰা অসমীয়াৰ বাবে দুৰ্লভ তথা ভয়লগা প্ৰাণী আছিল ।সেইবাবেই মীৰজুমলাৰ লগত অহা মোগল পৰিব্ৰাজক চিহাবুদ্দিন তালিছে তেওঁৰ গ্ৰন্হ 'ফাতিহা ই ইবিয়া' ত  লিখিছে যে ," দহজন মোগল সৈন্যক অকলেই বলাব পৰা এজন অসমীয়া সৈন্যই কিন্তু ঘোঁৰা দেখিলেই পিছ হুহকি যায় "। হয়তো সেই দুৰ্বলতাকে সুযোগ হিচাপে গ্ৰহণ কৰিছিল  ৰামসিংহই ।আলাবৈৰ ৰণত মোগলৰ জয়ত তেওঁলোকক  আলাবৈৰ অৱস্হিতিয়েও পূৰ্ণ সহযোগ কৰিছিল ।
    আলাবৈৰ ৰণৰ সেই দহহাজাৰ সৈনিকৰ আত্মত্যাগে কিন্তু পৰৱৰ্তী সময়ৰ শৰাইঘাটৰ যুদ্ধত আহোমৰ বিজয়ৰ মূল মন্ত্ৰ ৰূপে থিয় দিছিল ।চকুৰ সন্মুখতে দহহাজাৰ সৈন্যক  হেৰুৱাই লাচিত বৰফুকনৰ হৃদয়ত প্ৰতিশোধৰ একুৰা জুই দপদপাই জ্বলিছিল ।সেই প্ৰতিশোধ পূৰণ হৈছিল শৰাইঘাটৰ যুদ্ধত আহোমৰ বিজয়ৰ যোগেদি ।প্ৰকৃতাৰ্থত আলাবৈৰ ৰণ অসমৰ পৰাজয় নহয় ,সেয়া আছিল দেশপ্ৰেমী অসমীয়া সেনাৰ মহানত্যাগ ।সেই ত্যাগৰ সাক্ষী স্বৰূপে  কামৰূপৰ পছৰীয়াত আজিও জিলিকি আছে আলাবৈ ৰণ স্মৃতি ।
     শেহতীয়াকৈ অসম চৰকাৰৰ ২০২১-২২  বৰ্ষৰ বিত্তীয় বাজেটত আহোম মোগলৰ মাজত সংঘটিত হোৱা ঐতিহাসিক আলাবৈ ৰণৰ ৰণস্মৃতি নিৰ্মাণৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে, এইক্ষেত্ৰত অসম চৰকাৰ নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ ।আলাবৈ ৰণক লৈ গৱেষণা কৰাৰ যথেষ্ট থল আছে।অসম চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ দদৰা পছৰীয়া আদি অঞ্চলক ঐতিহাসিক পৰ্যটনৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। মুখ্যমন্ত্ৰী গৰাকীও যিহেতু এই অঞ্চলৰে তেখেতে এই ক্ষেত্ৰত বিষয়টোক গুৰুত্ব সহকাৰে লৈ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।  মই ভাবো ,অঞ্চলটোৰ ওপৰত গৱেষণা হলে আৰু বহু অজানা তথ্য ওলাই আহিব যিটোৱে বিশ্ববাসীৰ ওচৰত ঠাই খনৰ ঐতিহাসিক গুৰুত্ব বঢ়াই তুলিব ।

Your Comments